January 11, 2026 12:09 PM

views 15

বিজেপি আৰু ইয়াৰ মিত্র দলসমূহে এপ্রিলত খালী হ’বলগীয়া অসমৰ তিনিখন ৰাজ্যসভা আসনৰ আটাইকেইখনতে প্রতিদ্বন্দ্বিতা আগবঢ়াব

শাসনাধিষ্ঠিত বিজেপি আৰু ইয়াৰ মিত্র দলসমূহে অহা এপ্রিলত খালী হ'বলগীয়া অসমৰ তিনিখন ৰাজ্যসভা আসনৰ আটাইকেইখনতে প্রতিদ্বন্দ্বিতা আগবঢ়াব। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কালি এই কথা ঘোষণা কৰে। তেওঁ লগতে খালী হ'বলগীয়া তিনিখন আসনৰ ভিতৰত দুখনত জয় নিশ্চিত বুলি আৰু তৃতীয়খন আসনো বিজেপি আৰু মিত্রদলে লাভ কৰাৰ সম্ভাৱনা আছে বুলি দাবী কৰে। তেওঁ কয়, যে বিজেপি, এজিপি আৰু মিত্রদলসমূহে এই তিনিখন আসনৰ বাবে প্রার্থী মনোনীত কৰিব। উল্লেখযোগ্য যে বিজেপি সাংসদ ভূৱনেশ্বৰ কলিতা, ৰামেশ্বৰ তেলী আৰু সাংসদ অজিত ভূঞাৰ কার্য...