April 24, 2024 6:44 PM

views 24

ৰাজ্যৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত ৫টা সমষ্টিৰ বাবে ৬১গৰাকী প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা, ৭৭ লাখৰো অধিক ভোটদাতা

ৰাজ্যত দ্বিতীয় পৰ্যায়ত ২৬ এপ্ৰিলত ৫ টা সমষ্টিৰ বাবে হ’বলগীয়া নিৰ্বাচনৰ ৬১ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। এই পর্যায়ত ৭৭ লাখৰো অধিক ভোটদাতাই গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰাৰ সুযোগ লাভ কৰিব। উল্লেখযোগ্য যে সংশোধিত চূড়ান্ত ভোটদাতাৰ তালিকা অনুসৰি অসমত প্রায় ২ কোটি ৪৩ লাখ ভোটদাতাই এইবাৰ গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰিব পাৰিব। ইয়াৰ ভিতৰত ১ কোটি ২১ লাখ ৭৯ হাজাৰৰো অধিক পুৰুষ আৰু প্ৰায় ১ কোটি ২১ লাখ মহিলা ভোটদাতা। প্ৰথমবাৰৰ বাবে ভোটদাতাৰ তালিকাত অন্তৰ্ভুক্ত ৭ লাখ ২৬ হাজাৰ ৭৮৩ গৰাকী ভো...