February 3, 2025 7:19 PM

views 30

অসম সাহিত্য সভাৰ অধিৱেশনত প্রাচীন কামৰূপৰ ঐতিহ্যৰ বিষয়ে আলোচনা

অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বিবার্ষিক পাঠশালা অধিৱেশনৰ আজি চতুর্থ দিনা বুৰঞ্জী সন্মিলনেৰে কাৰ্যসূচী আৰম্ভ হয়। প্রাচীন কামৰূপৰ ঐতিহ্যৰ বিষয়ে এই সন্মিলনত আলোচনা কৰা হয়। ইয়াৰ পাছতে বজালী ভিত্তিত লোক সাংস্কৃতিক সমাৰোহ অনুষ্ঠিত হয়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ লোক-সংস্কৃতি বিভাগৰ মুৰববী অনিল বড়োৱে উদ্বোধন কৰা এই সমাৰোহত নসত্ৰৰ শৈক্ষিক কলাগুৰু কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ অধ্যাপক মৃণাল কুমাৰ বৰা, বিশিষ্ট লোকসংস্কৃতিবিদ ড০ বিজয় কুমাৰ শৰ্মা আৰু ঢেকীয়াজুলীৰ অমিয় কুমাৰ দাস মহাবিদ্যালয়ৰ অ...

February 3, 2025 12:37 PM

views 21

অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বিবার্ষিক অধিৱেশনৰ আজি চতুর্থ দিন, ২ বজাত দ্বিতীয় মুকলি সভা

অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বিবার্ষিক পাঠশালা অধিৱেশনৰ আজি চতুর্থ দিন। আজি পুৱা চাৰে ৯ বজাত বুৰঞ্জী সন্মিলন, দিনৰ ১১.৩০ বজাত বজালী ভিত্তিত লোক সাংস্কৃতিক সমাৰোহ। দুপৰীয়া ২ বজাত অধিৱেশনৰ দ্বিতীয় মুকলি সভা অনুষ্ঠিত হ'ব। আনহাতে বিয়লি ৪ বজাত যুৱ সংসদ, সন্ধিয়া চাৰে ৬ বজাত সাংস্কৃতিক সন্মিলন আৰু চাৰে ৭ বজাত সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। কালি অধিৱেশনত প্ৰথমখন মুকলি সভাত নৱনিৰ্বাচিত সভাপতি ড° বসন্ত কুমাৰ গোস্বামীয়ে আগবঢ়োৱা অভিভাষণত সাহিত্য সভাৰ সংস্কাৰ সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মত...

February 1, 2025 7:07 PM

views 21

অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বিবার্ষিক পাঠশালা অধিবেশনৰ আজি দ্বিতীয় দিন

অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বিবার্ষিক পাঠশালা অধিবেশনৰ আজি দ্বিতীয় দিনা অনুষ্ঠিত গ্রন্থ উন্মোচনী সভা সাহিত্য একাডেমী বঁটাপ্রাপক সাহিত্যিক নন্দেশ্বৰ দৈমাৰীয়ে উদ্বোধন কৰে। অসম সাহিত্য সভাৰ সভাপতি ড° সূর্যকান্ত হাজৰিকাই সভাপতিত্ব কৰা গ্ৰন্থ উন্মোচনী সভাখনত আদৰণি সমিতিৰ সভাপতি ৰণজিৎ কুমাৰ দাসে আদৰণি ভাষণ দিয়ে। কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচার্য তথা দৈনিক অসম কাকতৰ সম্পাদক হীতেশ ডেকাই সভাৰ স্মৃতিগ্ৰন্থ উন্মোচন কৰে। এই...

January 31, 2025 6:49 PM

views 25

পাঁচদিনীয়া কাৰ্যসূচীৰে অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বি-বার্ষিক অধিৱেশন আৰম্ভ

বজালী জিলাৰ পাঠশালাৰ ভট্টদেৱ ক্ষেত্ৰত অনুষ্ঠিত অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বি-বার্ষিক অধিৱেশনৰ আজি প্ৰথম দিনা বিজ্ঞান মেলা আৰু গ্ৰন্থমেলাৰ দ্বাৰ উন্মোচন কৰা হয়। বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী কেশৱ মহন্তই কৰ্ণেল গুৰুপ্ৰসাদ দাস বিজ্ঞান মেলাৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। সাহিত্য সভাৰ ইতিহাসত এইবাৰ প্ৰথমবাৰৰ বাবে বিজ্ঞান মেলাৰ সংযোজন কৰা হৈছে। বিজ্ঞান মেলাৰ সৈতে সংগতি ৰাখি আয়োজিত সভাত অসম লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ ভাৰত ভুষণ দেৱচৌধুৰীয়ে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। সাহিত্য সভাৰ বাকৰিত ...

January 31, 2025 10:19 AM

views 28

৫ দিনীয়াকৈ অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বি-বার্ষিক অধিৱেশন আৰম্ভ

● বজালী জিলাৰ পাঠশালাত আজিৰে পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বি-বার্ষিক অধিৱেশন অনুষ্ঠিত হৈছে। আজি পুৱা ৮.৩০ বজাত নামঘৰৰ দ্বাৰ উদ্ঘাটনেৰে সাহিত্য সভাৰ পাঠশালা অধিৱেশনৰ কাৰ্যসূচী আৰম্ভ হয়। বামাখাটা সত্ৰৰ সত্ৰাধিকাৰ প্ৰবোধ দেৱ অধিকাৰীয়ে নামঘৰৰ দ্বাৰ মুকলি কৰে আৰু নাজিৰাৰ সমাজকর্মী যতীন লাহনে বন্তি প্ৰজ্বলন কৰে। কিছুসময়ৰ পূৰ্বে পাঠশালা অধিৱেশনৰ আদৰণি সমিতিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে ভট্টদেৱ ক্ষেত্ৰ মুকলি কৰে। সাহিত্য সভাৰ অধিৱেশনৰ বাবে নাট্য নগৰী পাঠশালাৰ জনসাধাৰণৰ মাজ...

January 30, 2025 10:52 AM

views 27

পাঠশালাত কাইলৈৰ পৰা ৫ দিনীয়াকৈ অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বি-বার্ষিক অধিৱেশন আৰম্ভ

বজালী জিলাৰ পাঠশালাত কাইলৈৰ পৰা ৫দিনীয়া কাৰ্যসূচীৰে অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বি-বার্ষিক অধিৱেশন অনুষ্ঠিত হ'ব। অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ড° উপেন্দ্ৰজিৎ শৰ্মাই কালি অধিৱেশনৰ বিতং কাৰ্যসূচী ঘোষণা কৰে। কাইলৈ পুৱা ৮.৩০ বজাত নামঘৰৰ দ্বাৰ উদ্ঘাটনেৰে সাহিত্য সভাৰ পাঠশালা অধিৱেশনৰ কাৰ্যসূচী আৰম্ভ হ'ব। বামাখাটা সত্ৰৰ সত্ৰাধিকাৰ প্ৰবোধ দেৱ অধিকাৰীয়ে নামঘৰৰ দ্বাৰ মুকলি কৰিব আৰু নাজিৰাৰ সমাজকর্মী যতীন লাহনে বন্তি প্রজ্বলন কৰিব। পুৱা ৯ বজাত পাঠশালা অধিৱেশনৰ আদৰণি সমিতিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে...

January 30, 2025 2:19 PM

views 44

প্রাচ্যতত্ববিদ বিশিষ্ট সাহিত্যিক, অধ্যাপক থানেশ্বৰ শৰ্মা আৰু মহেশ্বৰ হাজৰিকালৈ আজি অসম সাহিত্য সভাৰ সদস্য মহীয়ান সন্মান

প্রাচ্যতত্ববিদ বিশিষ্ট সাহিত্যিক, অধ্যাপক থানেশ্বৰ শৰ্মা আৰু মহেশ্বৰ হাজৰিকালৈ আজি অসম সাহিত্য সভাৰ সদস্য মহীয়ান সন্মান আগবঢ়োৱা হ'ব। একেদৰে গৱেষক, সাহিত্যিক, অধ্যাপক আনন্দ বৰমুদৈ, বিশিষ্ট সাহিত্যিক, অধ্যাপক ইদ্রিছ আলী, বিশিষ্ট ভাষাবিদ, অধ্যাপক ভীমকান্ত বৰুৱা আৰু গৱেষক সাহিত্যিক, অধ্যাপক কৰবী ডেকা হাজৰিকাক সাহিত্যচাৰ্য সন্মানেৰে বিভূষিত কৰা হ'ব। বিশিষ্ট কবি সাহিত্যিক আনিছ উজ জামানক জাতীয় কবি উপাধি প্ৰদান কৰাৰ লগতে সাহিত্য সভাৰ সভাপতি ড০ সূর্যকান্ত হাজৰিকাৰ সভাপতিত্বত আজি দিনৰ ১১ বজাত অসম সাহিত...

January 29, 2025 8:32 PM

views 30

অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বি-বার্ষিক অধিৱেশনৰ বাবে প্ৰস্তুতি প্রায় সম্পূৰ্ণ

বজালী জিলাৰ পাঠশালাত পৰহিলৈৰ পৰা হ'বলগীয়া অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বি-বার্ষিক অধিৱেশনৰ বাবে প্ৰস্তুতি প্রায় সম্পূৰ্ণ হৈছে। বজালীৰ ভট্টদেৱ ক্ষেত্ৰত পাঁচদিনীয়াকৈ হ'বলগীয়া এই অধিৱেশনৰ বাবে নাট্য নগৰী পাঠশালাৰ জনসাধাৰণৰ মাজত ব্যাপক উৎসাহ-উদ্দীপনা বিৰাজ কৰিছে। এই অধিৱেশনৰ সাংস্কৃতিক শোভাযাত্ৰাত বৰ অসমৰ আৰ্হিৰ প্ৰতিফলন ঘটোৱাৰ প্ৰয়াস কৰা হ'ব। দুখন বাহনত প্রতীকি ৰূপত বজালীৰ ঐতিহাসিক ডুবি দেৱালয়, ভোগেশ্বৰী মন্দিৰ আৰু এছিয়াৰ দ্বিতীয় সৰ্ববৃহৎ জালিখাটাৰ বটগছৰ লগতে অসমৰ ভিন্ন কলা-সংস্কৃতি আটকধ...