October 14, 2024 7:58 PM October 14, 2024 7:58 PM

views 19

অসম গণ পৰিষদ দলৰ ৪০ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

ঐতিহাসিক অসম আন্দোলনৰ পটভূমিত জন্মলাভ কৰা আঞ্চলিক দল অসম গণ পৰিষদ দলে আজি ৪০ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰে। ডিব্ৰুগড় জিলাৰ লাহোৱাল-চাবুৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত জেৰাই গাঁৱত আজি দিনযোৰা কাৰ্যসূচীৰে কেন্দ্ৰীয়ভাৱে দলটোৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। দলৰ সভাপতি অতুল বৰাই পতাকা উত্তোলনেৰে আৰম্ভ কৰা এই কাৰ্যসূচীত জিলা সমিতিসমূহৰ সভাপতিসকল আৰু দলৰ আন জ্যেষ্ঠ নেতাসকলে ৪০ খন পতাকা উত্তোলন কৰে। প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত শ্বহীদ তৰ্পণ কৰি দলৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তই অসম আন্দোলনৰ সময়ত শ্বহীদসক...