December 29, 2025 11:37 AM

views 26

অসম গ্রন্থ মেলাত আজি অসমীয়া উপন্যাসত সমাজ বাস্তৱতা : সাম্প্রতিক কথন শীর্ষক আলোচনা অনুষ্ঠিত হ’ব

● অসম প্ৰকাশন পৰিষদৰ উদ্যোগত আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাৰ সহযোগত গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত গ্রন্থ মেলাৰ আজি ষষ্ঠদিন। গ্রন্থমেলাত আজি অসমীয়া উপন্যাসত সমাজ বাস্তৱতা : সাম্প্রতিক কথন শীর্ষক এখন আলোচনা সত্র অনুষ্ঠিত হ'ব। আলোচনা সত্ৰখন উদ্বোধন কৰিব বিশিষ্ট সাহিত্যিক ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী আৰু সঞ্চালনা কৰিব অনুৰাধা শৰ্মা পূজাৰীয়ে। আলোচনা সত্ৰখনত বিশিষ্ট সাহিত্যিক জয়ন্ত মাধৱ বৰা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ড০ বিমল মজুমদাৰ আ...

December 28, 2025 6:15 PM

views 11

গুৱাহাটীৰ খানাপাৰাত অনুষ্ঠিত গ্ৰন্থমেলাৰ আজি পঞ্চম দিনটো শিশুৰ দিন হিচাপে উদযাপন

অসম প্ৰকাশন পৰিষদৰ উদ্যোগত আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাৰ সহযোগত গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত গ্ৰন্থমেলাৰ আজি পঞ্চম দিনটো শিশুৰ দিন হিচাপে উদযাপন কৰা হয়। পুৱা বিশিষ্ট শিশু সাহিত্যিক বন্দিতা ফুকনে শিশুসকলৰ অনুষ্ঠান মুকলি কৰে। পুৱা চাৰে ৯ বজাত কবিতা আবৃত্তি আৰু দিনৰ চাৰে ১১ বজাত আকস্মিক বক্তৃতা প্রতিযোগিতা অনুষ্ঠিত হয়। বিয়লি ২ বজাত ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে মুকলি কুইজ প্রতিযোগিতাৰ আয়োজন কৰা হয়। সন্ধিয়া সাংস্কৃতিক অন...

December 27, 2025 12:53 PM

views 23

অসম গ্রন্থমেলাত আজি যুৱ লেখক সন্মিলন

অসম প্ৰকাশন পৰিষদৰ উদ্যোগত আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাৰ সহযোগত খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত গ্রন্থমেলাত আজি যুৱ লেখক সন্মিলন অনুষ্ঠিত হ'ব। বিশিষ্ট সাহিত্যিক তথা আমাৰ অসম কাকতৰ মুখ্য সম্পাদক মনোজ কুমাৰ গোস্বামীয়ে এই সন্মিলন উদ্বোধন কৰিব। লেখক, অনুবাদক তথা জর্জিয়া বিশ্ববিদ্যালয়ৰ অধ্যাপক আৰুণি কাশ্যপ নিৰ্দিষ্ট বক্তাৰূপে উপস্থিত থাকিবলগীয়া এই সন্মিলন লেখক, সমালোচক আৰু তথ্য আৰু জনসংযোগ বিভাগৰ জ্যেষ্ঠ জনসংযোগ বিষয়া সমীৰ শান্দিল্যই সঞ্চালনা কৰিব ৷ বিয়লি ত...

December 23, 2025 7:33 PM

views 16

কাইলৈৰ পৰা ৬ জানুৱাৰীলৈ খানাপাৰাত অসম গ্ৰন্থমেলা

অসম প্ৰকাশন পৰিষদৰ উদ্যোগত আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাৰ সহযোগত কাইলৈৰ পৰা ৬ জানুৱাৰীলৈ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অসম গ্ৰন্থমেলা অনুষ্ঠিত হ'ব। ১৪ দিনীয়াকৈ হ’বলগীয়া গ্রন্থমেলা সন্দৰ্ভত আজি খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত আয়োজিত এখন সংবাদমেলত অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই সবিশেষ তথ্য প্ৰকাশ কৰে।

December 1, 2025 8:32 PM

views 20

শিলচৰত আজিৰে পৰা অসম গ্রন্থমেলা

আজিৰে পৰা শিলচৰত অসম গ্রন্থমেলা দ্বিতীয় বাৰৰ বাবে অনুষ্ঠিত হৈছে। অসম প্ৰকাশন পৰিষদ আৰু পুথি বিক্রেতা সন্থাৰ উদ্যোগত আয়োজিত এই গ্রন্থমেলা পুলিচ পেৰেড খেলপথাৰত অহা ১০ ডিচেম্বৰলৈকে চলি থাকিব। আজি গ্রন্থমেলাৰ উদ্বোধনী অনুষ্ঠানত দেশৰ বিশিষ্ট সাহিত্যিক, সাংবাদিক আৰু কলকাতা বিশ্ববিদ্যালয়ৰ জনসংযোগ বিভাগৰ প্ৰাক্তন অধ্যাপক পার্থ চেটার্জী, শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু, গুৰুচৰণ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক নিৰঞ্জন ৰায়, বিধায়ক দীপায়ন চক্ৰৱৰ্তী আৰু কমলাক্ষ দে পুৰকায়স্থকে ধৰি ভালেকেইজন বিশিষ্ট ব্যক্...

November 1, 2025 8:48 PM

views 34

লখিমপুৰত আজিৰে পৰা অসম গ্ৰন্থমেলা

ৰাজ্য চৰকাৰে ঘোষণা কৰা গ্ৰন্থ বৰ্ষৰ সৈতে সংগতি ৰাখি আজিৰে পৰা অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাৰ উদ্যোগত লখিমপুৰত অসম গ্ৰন্থমেলা অনুষ্ঠিত হৈছে। লখিমপুৰ কমাৰ্চ কলেজৰ ক্ৰীড়া চৌহদত ভাষা সাহিত্য সংস্কৃতিৰ এলানি আকর্ষণীয় কাৰ্যসূচীৰে ১০ দিনীয়া গ্রন্থমেলাখন আজি উদ্বোধন কৰা হয়। আজি বিয়লি জুবিন গাৰ্গ সোঁৱৰণী অস্থায়ী প্ৰেক্ষাগৃহত শিক্ষা মন্ত্ৰী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ডাঃ ৰণোজ পেগুৱে গ্ৰন্থমেলাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। নিজৰ ভাষণত মন্ত্ৰীগৰাকীয়ে গ্ৰন্থৰ জৰিয়...

October 23, 2025 11:41 AM

views 43

কালিৰেপৰা বঙাইগাঁৱত ২০২৫-২৬ বৰ্ষৰ প্ৰথমখন অসম গ্রন্থ মেলা আৰম্ভ

ৰাজ্য চৰকাৰে ঘোষণা কৰা গ্ৰন্থ বৰ্ষৰ সৈতে সংগতি ৰাখি কালিৰেপৰা বঙাইগাঁৱত ২০২৫-২৬ বৰ্ষৰ প্ৰথমখন অসম গ্রন্থ মেলা আৰম্ভ হৈছে। অসম প্রকাশন পৰিষদ আৰু সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাই বঙাইগাঁও চহৰৰ ঐতিহ্যমণ্ডিত গান্ধী ময়দানত ৮ দিনীয়াকৈ আয়োজন কৰা গ্ৰন্থমেলাখন কালি নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচার্য, সাংবাদিক ড° সমুদ্রগুপ্ত কাশ্যপে উদ্বোধন কৰে। জুবিন গাৰ্গ সোঁৱৰণী অস্থায়ী প্রেক্ষাগৃহত আয়োজন কৰা উদ্বোধনী অনুষ্ঠানৰ ভাষণত তেওঁ কয়, যে গ্রন্থই সভ্যতাৰ স্তৰ ধৰি ৰাখে আৰু জ্ঞানৰ মাৰ্গদর্শন কৰে। গ্ৰন্থই জাত...

December 28, 2024 9:59 PM

views 18

অসম গ্ৰন্থমেলাৰ দ্বিতীয় দিনাত অগনন গ্রন্থপ্ৰেমীৰ সমাগম

অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাৰ উদ্যোগত গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেল পথাৰত ১২ দিনীয়া বৰ্ণিল কাৰ্যসূচীৰে অনুষ্ঠিত অসম গ্ৰন্থমেলাৰ আজি দ্বিতীয় দিনাও অগনন গ্রন্থপ্ৰেমীৰ সমাগম হয়। গ্রন্থমেলাথলীত আজি গ্ৰন্থ প্ৰকাশৰ দায়বদ্ধতা, প্ৰচাৰ আৰু কৌশল অৱলম্বন বিষয়ক আলোচনা চক্র অনুষ্ঠিত হয়। এইআলোচনাত ভাৰতীয় প্ৰকাশক আৰু গ্ৰন্থ বিক্রেতা সংস্থাৰ সভাপতি সুৰিন্দৰ কুমাৰ ঘাইয়ে অংশগ্ৰহণ কৰে। নিজৰ ভাষণত তেওঁ সাম্প্ৰতিক সময়ৰ প্ৰযুক্তিয়ে গ্ৰন্থ প্ৰকাশৰ ...

December 27, 2024 6:06 PM

views 19

গুৱাহাটীৰ অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আজিৰে পৰা অসম গ্ৰন্থমেলা আৰম্ভ

অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্রকাশক তথা বিক্রেতা সংস্থাৰ উদ্যোগত গুৱাহাটীৰ অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আয়োজিত অসম গ্ৰন্থমেলা আজিৰে পৰা অনুষ্ঠিত হৈছে। শিক্ষামন্ত্রী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ডাঃ ৰণোজ পেগুৱে আজি আবেলি এই গ্রন্থমেলাৰ দ্বাৰ মুকলি কৰে। অহা ৭ জানুৱাৰীলৈ ১২ দিনীয়া কাৰ্যসূচীৰে হবলগীয়া এই গ্ৰন্থ মেলাত ৰাজ্য আৰু বহিঃৰাজ্যৰ ১১৮টা প্রকাশন গোষ্ঠীসহ ৩৫০ খন বিপণীয়ে গ্রন্থ মেলাত অংশগ্ৰহণ কৰিছে। অহা ৩১ ডিচেম্বৰত গ্ৰন্থমেলাৰ বাকৰিত এইবছৰৰ অসম প্ৰকাশন পৰিষদ সাহিত্...