December 23, 2025 7:33 PM December 23, 2025 7:33 PM

views 6

কাইলৈৰ পৰা ৬ জানুৱাৰীলৈ খানাপাৰাত অসম গ্ৰন্থমেলা

অসম প্ৰকাশন পৰিষদৰ উদ্যোগত আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাৰ সহযোগত কাইলৈৰ পৰা ৬ জানুৱাৰীলৈ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অসম গ্ৰন্থমেলা অনুষ্ঠিত হ'ব। ১৪ দিনীয়াকৈ হ’বলগীয়া গ্রন্থমেলা সন্দৰ্ভত আজি খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত আয়োজিত এখন সংবাদমেলত অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই সবিশেষ তথ্য প্ৰকাশ কৰে।

December 1, 2025 8:32 PM December 1, 2025 8:32 PM

views 9

শিলচৰত আজিৰে পৰা অসম গ্রন্থমেলা

আজিৰে পৰা শিলচৰত অসম গ্রন্থমেলা দ্বিতীয় বাৰৰ বাবে অনুষ্ঠিত হৈছে। অসম প্ৰকাশন পৰিষদ আৰু পুথি বিক্রেতা সন্থাৰ উদ্যোগত আয়োজিত এই গ্রন্থমেলা পুলিচ পেৰেড খেলপথাৰত অহা ১০ ডিচেম্বৰলৈকে চলি থাকিব। আজি গ্রন্থমেলাৰ উদ্বোধনী অনুষ্ঠানত দেশৰ বিশিষ্ট সাহিত্যিক, সাংবাদিক আৰু কলকাতা বিশ্ববিদ্যালয়ৰ জনসংযোগ বিভাগৰ প্ৰাক্তন অধ্যাপক পার্থ চেটার্জী, শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু, গুৰুচৰণ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক নিৰঞ্জন ৰায়, বিধায়ক দীপায়ন চক্ৰৱৰ্তী আৰু কমলাক্ষ দে পুৰকায়স্থকে ধৰি ভালেকেইজন বিশিষ্ট ব্যক্...

November 1, 2025 8:48 PM November 1, 2025 8:48 PM

views 28

লখিমপুৰত আজিৰে পৰা অসম গ্ৰন্থমেলা

ৰাজ্য চৰকাৰে ঘোষণা কৰা গ্ৰন্থ বৰ্ষৰ সৈতে সংগতি ৰাখি আজিৰে পৰা অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাৰ উদ্যোগত লখিমপুৰত অসম গ্ৰন্থমেলা অনুষ্ঠিত হৈছে। লখিমপুৰ কমাৰ্চ কলেজৰ ক্ৰীড়া চৌহদত ভাষা সাহিত্য সংস্কৃতিৰ এলানি আকর্ষণীয় কাৰ্যসূচীৰে ১০ দিনীয়া গ্রন্থমেলাখন আজি উদ্বোধন কৰা হয়। আজি বিয়লি জুবিন গাৰ্গ সোঁৱৰণী অস্থায়ী প্ৰেক্ষাগৃহত শিক্ষা মন্ত্ৰী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ডাঃ ৰণোজ পেগুৱে গ্ৰন্থমেলাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। নিজৰ ভাষণত মন্ত্ৰীগৰাকীয়ে গ্ৰন্থৰ জৰিয়...

October 23, 2025 11:41 AM October 23, 2025 11:41 AM

views 33

কালিৰেপৰা বঙাইগাঁৱত ২০২৫-২৬ বৰ্ষৰ প্ৰথমখন অসম গ্রন্থ মেলা আৰম্ভ

ৰাজ্য চৰকাৰে ঘোষণা কৰা গ্ৰন্থ বৰ্ষৰ সৈতে সংগতি ৰাখি কালিৰেপৰা বঙাইগাঁৱত ২০২৫-২৬ বৰ্ষৰ প্ৰথমখন অসম গ্রন্থ মেলা আৰম্ভ হৈছে। অসম প্রকাশন পৰিষদ আৰু সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাই বঙাইগাঁও চহৰৰ ঐতিহ্যমণ্ডিত গান্ধী ময়দানত ৮ দিনীয়াকৈ আয়োজন কৰা গ্ৰন্থমেলাখন কালি নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচার্য, সাংবাদিক ড° সমুদ্রগুপ্ত কাশ্যপে উদ্বোধন কৰে। জুবিন গাৰ্গ সোঁৱৰণী অস্থায়ী প্রেক্ষাগৃহত আয়োজন কৰা উদ্বোধনী অনুষ্ঠানৰ ভাষণত তেওঁ কয়, যে গ্রন্থই সভ্যতাৰ স্তৰ ধৰি ৰাখে আৰু জ্ঞানৰ মাৰ্গদর্শন কৰে। গ্ৰন্থই জাত...

December 28, 2024 9:59 PM December 28, 2024 9:59 PM

views 9

অসম গ্ৰন্থমেলাৰ দ্বিতীয় দিনাত অগনন গ্রন্থপ্ৰেমীৰ সমাগম

অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাৰ উদ্যোগত গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেল পথাৰত ১২ দিনীয়া বৰ্ণিল কাৰ্যসূচীৰে অনুষ্ঠিত অসম গ্ৰন্থমেলাৰ আজি দ্বিতীয় দিনাও অগনন গ্রন্থপ্ৰেমীৰ সমাগম হয়। গ্রন্থমেলাথলীত আজি গ্ৰন্থ প্ৰকাশৰ দায়বদ্ধতা, প্ৰচাৰ আৰু কৌশল অৱলম্বন বিষয়ক আলোচনা চক্র অনুষ্ঠিত হয়। এইআলোচনাত ভাৰতীয় প্ৰকাশক আৰু গ্ৰন্থ বিক্রেতা সংস্থাৰ সভাপতি সুৰিন্দৰ কুমাৰ ঘাইয়ে অংশগ্ৰহণ কৰে। নিজৰ ভাষণত তেওঁ সাম্প্ৰতিক সময়ৰ প্ৰযুক্তিয়ে গ্ৰন্থ প্ৰকাশৰ ...

December 27, 2024 6:06 PM December 27, 2024 6:06 PM

views 9

গুৱাহাটীৰ অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আজিৰে পৰা অসম গ্ৰন্থমেলা আৰম্ভ

অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্রকাশক তথা বিক্রেতা সংস্থাৰ উদ্যোগত গুৱাহাটীৰ অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আয়োজিত অসম গ্ৰন্থমেলা আজিৰে পৰা অনুষ্ঠিত হৈছে। শিক্ষামন্ত্রী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ডাঃ ৰণোজ পেগুৱে আজি আবেলি এই গ্রন্থমেলাৰ দ্বাৰ মুকলি কৰে। অহা ৭ জানুৱাৰীলৈ ১২ দিনীয়া কাৰ্যসূচীৰে হবলগীয়া এই গ্ৰন্থ মেলাত ৰাজ্য আৰু বহিঃৰাজ্যৰ ১১৮টা প্রকাশন গোষ্ঠীসহ ৩৫০ খন বিপণীয়ে গ্রন্থ মেলাত অংশগ্ৰহণ কৰিছে। অহা ৩১ ডিচেম্বৰত গ্ৰন্থমেলাৰ বাকৰিত এইবছৰৰ অসম প্ৰকাশন পৰিষদ সাহিত্...