October 13, 2024 11:52 AM
17
কাজাখস্তানৰ আষ্টানাত এছিয়ান টেবুল টেনিছ চেম্পিয়নশ্বিপত ভাৰতৰ মহিলা যুটীটো ছেমি ফাইনেলত প্ৰৱেশ
কাজাখস্তানৰ আষ্টানাত চলি থকা চলিত বৰ্ষৰ এছিয়ান টেবুল টেনিছ চেম্পিয়নশ্বিপত ভাৰতৰ এক নম্বৰ মহিলা যুটী ঐহিকা মুখার্জী আৰু সুতীৰ্থা মুখাৰ্জীয়ে ছেমি ফাইনেলত প্ৰৱেশ কৰি দেশৰ হৈ এটা ঐতিহাসিক পদক নিশ্চিত কৰিছে। এছিয়ান চেম্পিয়নশ্বিপৰ ডাবলছত পদক নিশ্চিত কৰা ঐহিকা আৰু সুতীৰ্থা হৈছে ভাৰতৰ প্ৰথম মহিলা যুটী। কালি অনুষ্ঠিত প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত ভাৰতৰ যুটীটোৱে কোৰিয়া গণৰাজ্যৰ যুটীক পৰাজিত কৰে। আজি হ'বলগীয়া ছেমি ফাইনেলত ভাৰতীয় যুটীটো জাপানৰ মিৱা হাৰিমোটো আৰু মিয়ু কিহাৰাৰ সন্মুখীন হ'ব। ভাৰতীয় য...