February 17, 2025 12:17 PM

views 11

এছিয়ান জুনিয়ৰ টীম চেম্পিয়নশ্বিপত ভাৰতীয় পুৰুষ আৰু মহিলা দলৰ ব্ৰঞ্জৰ পদক লাভ

স্কোৱাছত কালি হংকং স্কোলাছ কেন্দ্ৰত অনুষ্ঠিত এছিয়ান জুনিয়ৰ টীম চেম্পিয়নশ্বিপ ২০২৫ত ভাৰতীয় পুৰুষ আৰু মহিলা দল দুটাই ব্ৰঞ্জৰ পদক লাভ কৰে। মালয়েছিয়াৰ বিৰুদ্ধে ভাৰতীয় পুৰুষৰ দলটোৱে ছেমি ফাইনেলত পৰাস্ত হোৱাৰ বিপৰীতে অনাহাট সিঙৰ নেতৃত্বত মহিলা দলটোৱে আয়োজক হংকঙৰ হাতত পৰাস্ত হয়। উল্লেখযোগ্য যে এছিয়ান জুনিয়ৰ টীম স্কোৱাছ চেম্পিয়নশ্বিপত পৰাজিত ছেমি ফাইনেলিষ্ট দলটোক ব্ৰঞ্জৰ পদক প্রদান কৰা হয়। ১৯৮৩ চনত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা এছিয়ান জুনিয়ৰ টিম চেম্পিয়নশ্বিপৰ এয়া আছিল ২২ সংখ্যক সংস্কৰণ।...