October 22, 2025 1:09 PM

views 154

আজিৰেপৰা ৩১ অক্টোবৰলৈ তৃতীয় এছিয়ান য়ুথ গেমছ

● বাহৰেইনৰ ৰাজধানী মানামাত আজিৰেপৰা ৩১ অক্টোবৰলৈ তৃতীয় এছিয়ান য়ুথ গেমছ অনুষ্ঠিত হ'ব। এই আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ভাগ লোৱাৰ বাবে অসমৰ হাই জাম্পাৰ জুবিন গোহাঁই নিৰ্বাচিত হৈ ভাৰতীয় এথলেটিক্‌চ দলত স্থান লাভ কৰিছে। ১৪ৰ পৰা ১৭ বছৰ অনুৰ্ধ খেলুৱৈয়ে অংশগ্ৰহণ কৰিবলগীয়া এই প্ৰতিযোগিতাত বিশ্বৰ ৪৫ খন দেশৰ দুহেজাৰ খেলুৱৈয়ে ২১ বিধ খেলত ভাগ ল'ব।

September 8, 2024 8:16 PM

views 39

এছিয়া কাপ হকীত  চীনৰ বিৰুদ্ধে ভাৰতৰ ৩-০ ফলাফলত জয়ী

এছিয়া কাপ হকীত আজি ভাৰতে আয়োজক চীনক ৩-০ ফলাফলত পৰাস্ত কৰে। খেলৰ প্ৰথম তিনিটা কোৱাৰ্টাৰৰ প্রতিটোতে সুখজিৎ সিং, উত্তম সিং আৰু অভিষেকে এটাকৈ গ'ল দি উদ্বোধনী খেলখনত ভাৰতৰ জয় নিশ্চিত কৰে। কাইলৈ ভাৰত জাপানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। যোৱা মাহত পেৰিছ অলিম্পিকত ব্ৰঞ্জৰ পদক দখল কৰাৰ পাছত ভাৰতে পঞ্চমটো খিতাপ লাভৰ বাবে প্ৰচেষ্টা চলাব।

August 25, 2024 8:37 PM

views 41

ভাৰতীয় চার্ফিং দলৰ  প্ৰথমবাৰৰ বাবে এচিয়ান গেমছ লৈ যোগ্যতা অৰ্জন

ভাৰতীয় চার্ফিং দলে ইতিহাসৰ প্ৰথমবাৰৰ বাবে এচিয়ান গেমছ ২০২৬ লৈ যোগ্যতা অৰ্জন কৰিছে। পুৰুষ আৰু মহিলা উভয় শাখাতে ভাৰতীয় চার্ফাৰসকলে এছিয়াদলৈ যোগ্যতা অৰ্জন কৰিছে। ২০২৪ চনৰ এছিয়ান চার্ফিং চেম্পিয়নশ্বিপত ভাৰতীয় চার্ফাৰসকলে সংগ্ৰহ কৰা ৰেংকিং পইণ্টৰ ভিত্তিত এই যোগ্যতা লাভ কৰিছে। ভাৰতীয় চার্ফিং ফেডাৰেশ্বনৰ সভাপতি অৰুণ ভাসুৱে কৈছে যে, এই ঐতিহাসিক ক্ষণে সকলোকে আনন্দিত কৰিছে।