June 2, 2025 8:38 PM

views 27

এছিয়ান এথলেটিক ছেম্পিয়নশ্বিপত ভাৰতীয় খেলুৱৈসকলে দেখুওৱা উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে প্রধানমন্ত্ৰী মোদীৰ ভূয়সী প্ৰশংসা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শেহতীয়াকৈ দক্ষিণ কোৰিয়াত সামৰণি পৰা এছিয়ান এথলেটিক ছেম্পিয়নশ্বিপত ভাৰতীয় খেলুৱৈসকলে দেখুওৱা উৎকৃষ্ট প্ৰদৰ্শনৰ ভূয়সী প্ৰশংসা কৰিছে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত শ্রীমোদীয়ে কয়, যে ভাৰতীয় খেলুৱৈসকলৰ উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে দেশবাসী গৌৰবান্বিত। তেওঁ লগতে কয়, যে প্ৰতিগৰাকী খেলুৱৈয়ে প্ৰতিযোগিতাত নিজৰ কঠোৰ পৰিশ্ৰম আৰু একাগ্ৰতাৰ পৰিচয় দিছে। প্রধানমন্ত্ৰীয়ে খেলুৱৈসকলক তেওঁলোকৰ উজ্বল ভৱিষ্যতৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।

May 31, 2025 8:31 PM

views 16

দক্ষিণ কোৰিয়াৰ গুমীত চলিত বৰ্ষৰ এছিয়ান এথলেটিকছ চেম্পিয়নশ্বিপত ভাৰতৰ সফলতা

দক্ষিণ কোৰিয়াৰ গুমীত সামৰণি পৰা চলিত বৰ্ষৰ এছিয়ান এথলেটিকছ চেম্পিয়নশ্বিপত ভাৰতে ৮ টা সোণ, ১০ টা ৰূপ আৰু ৬ টা ব্ৰঞ্জৰ পদকেৰে পদক তালিকাৰ দ্বিতীয় স্থান দখল কৰে। প্ৰতিযোগিতাৰ শেষৰ দিনা আজি ভাৰতে তিনিটা ৰূপ আৰু তিনিটা ব্ৰঞ্জৰ পদক অৰ্জন কৰে। মহিলাৰ ৪০০ মিটাৰ ৰিলেত ভাৰতীয় দলটোৱে ব্ৰঞ্জৰ পদক লাভ কৰে। মহিলাৰ ৫০০০ হাজাৰ মিটাৰ ৰিলেত পাঞ্চল চৌধুৰী আৰু পুৰুষৰ জেভলিন থ্রোত শচীন য়াদৱে ৰূপৰ পদক লাভ কৰে। অনিমেষ কুজুৰ আৰু পাৰুল চৌধুৰীয়ে নতুন ৰাষ্ট্ৰীয় অভিলেখ স্থাপন কৰে।