February 12, 2025 5:11 PM
33
এছিয়া মিক্সড টীম বেডমিণ্টনত মাকাউৰ বিৰুদ্ধে ভাৰতৰ ৫-০ ফলাফলত জয়েৰে অভিযান আৰম্ভ
ভাৰতে চীনৰ চিংড়াওত অনুষ্ঠিত এছিয়া মিক্সড টীম বেডমিণ্টন প্রতিযোগিতাত মাকাউৰ বিৰুদ্ধে ৫-০ ফলাফলত জয়েৰে অভিযান আৰম্ভ কৰিছে। ভাৰতৰ সতীশ কুমাৰ কৰুণাকৰণ আৰু আদ্যা বৰীয়াথে মিক্স ডাৱলছৰ প্ৰথমখন খেলত ইয়ক ছং লিয়ং আৰু ৱেং চি এন জিক ২১-১০, ২১-৯ গেমত পৰাস্ত কৰে। ইয়াৰ পাছত লক্ষ্য সেনে পুৰুষৰ ছিংগলছৰ এখন খেলত চীনৰ পেং ফোং পুইক ২১-১৬, ২১–১২ গেমত পৰাভূত কৰে। মহিলাৰ ছিংগলছত মালবিকা বনছোড়ে হাঅ’ৱাই চানৰ বিৰুদ্ধে ২১-১৫, ২১-৯ গেমত জয়লাভ কৰি অপ্ৰতিৰোধ্য অগ্রগতি লাভ কৰে। পুৰুষৰ ডাৱলছত এম আৰ অৰ্জুন আৰু চিৰাগ ছে...