September 14, 2025 12:28 PM

views 36

মহিলাৰ এছিয়া কাপ হকী প্রতিযোগিতাত খিতাপ দখলৰ লক্ষ্যৰে ভাৰত চীনৰ মুখামুখি

চীনৰ হাংজৌত হ'বলগীয়া মহিলাৰ এছিয়া কাপ হকী প্রতিযোগিতাত খিতাপ দখলৰ লক্ষ্যৰে ভাৰত আজি চীনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময়মতে সন্ধিয়া চাৰে পাঁচ বজাত অনুষ্ঠিত হ'ব। কালি চুপাৰ ফ'ৰ পৰ্য্যায়ত ভাৰত আৰু জাপানৰ মাজৰ খেলখন ড্র' হয়। ভাৰতৰ বিউটি ডুং ডুঙে ভাৰতৰ হৈ স্ক'ৰ সংগ্ৰহ কৰিলেও, চতুথাৰ্ধত জাপানৰ শ্বিহ' কাবাকায়াৰ গ'লত পিছ পৰি ৰয়। চুপাৰ ফ'ৰ পৰ্যায়ৰ অন্য এখন খেলত চীনে দক্ষিণ কোৰিয়াক পৰাস্ত কৰি ফাইনেললৈ অগ্ৰসৰ হয়।

September 8, 2025 10:56 PM

views 25

মহিলাৰ এছিয়া কাপ ২০২৫ প্ৰতিযোগিতাৰ ছুপাৰ ফ’ৰ পৰ্যায়লৈ ভাৰতীয় হকী দলৰ যোগ্যতা অৰ্জন

ভাৰতীয় হকী দলে মহিলাৰ এছিয়া কাপ ২০২৫ প্ৰতিযোগিতাৰ ছুপাৰ ফ'ৰ পৰ্যায়লৈ যোগ্যতা অৰ্জন কৰিছে। আজি ছিংগাপুৰত ১২.০ গলৰ বাৱধানত পৰাস্ত কৰাৰ পাছতে ভাৰত ছুপাৰ ফ'ৰলৈ আগবাঢ়ে। ভাৰতৰ হৈ নৱনীত আৰু মুমতাজে হেট্ৰিক গল কৰে। অহা ১০ ছেপ্তেম্বৰত ভাৰতে পুল-এৰ দ্বিতীয় স্থানত থকা দলটোৰ বিৰুদ্ধে ছুপাৰ ফ'ৰ পৰ্যায়ত অৱতীৰ্ণ হ'ব।

September 7, 2025 11:39 AM

views 27

এছিয়া কাপ হকী প্রতিযোগিতাৰ ফাইনেলত ভাৰত দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ

বিহাৰৰ ৰাজগিৰত অনুষ্ঠিত এছিয়া কাপ হকী প্রতিযোগিতাৰ ফাইনেলত ভাৰত আজি দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হ'ব। ভাৰতে কালি ছুপাৰ ফ'ৰ পৰ্যায়ৰ নিজৰ অন্তিমখন খেলত চীনক ৭-০ গলত পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰে। এই জয়ৰ সুবাদত ভাৰত ছুপাৰ ফ'ৰ পৰ্যায়ৰ পইণ্ট তালিকাত শীৰ্ষ স্থান দখল কৰে। দক্ষিণ কোৰিয়াই মালেয়েছিয়াক ৪-৩ গলত পৰাভূত কৰি ফাইনেলত প্ৰৱেশ কৰে। ইপিনে, প্রতিযোগিতাত পঞ্চমৰ পৰা অষ্টম স্থান নিশ্চিতকৰণৰ বাবে হোৱা এখন খেলত কালি কাজাখস্তানে চীনা টাইপিক ৬-৪ গলত প...

September 1, 2025 11:39 AM

views 20

এছিয়া কাপ হকী প্রতিযোগিতাত ভাৰতে ছুপাৰ – ফ’ৰ পৰ্যায়ত প্ৰৱেশ

■ বিহাৰৰ ৰাজগীৰত অনুষ্ঠিত এছিয়া কাপ হকী প্রতিযোগিতাত জাপানক ৩-২ গলত পৰাস্ত কৰি ভাৰতে ছুপাৰ - ফ'ৰ পৰ্যায়ত প্ৰৱেশ কৰিছে। ভাৰতৰ হৈ মনদীপ সিঙে খেলখনৰ ৩ মিনিটতে প্ৰথমটো গ’ল দিয়ে। ভাৰতীয় দলৰ অধিনায়ক হৰমনপ্রীত সিঙে অনবদ্য প্রদর্শন অব্যাহত ৰাখি দুটাকৈ গ'ল দিয়ে। ভাৰতীয় দলৰ গল ৰক্ষক কৃষ্ণা বাহাদুৰ পাঠকে প্রতিপক্ষ কেইবাটাও গ’ল প্ৰতিহত কৰি প্ৰশংসনীয় প্ৰদৰ্শন আগবঢ়ায়। জাপানৰ হৈ কোচেই কাৱাবেয়ে দুটা গ'ল দিয়ে। ভাৰতে আজি ৰাজগীৰৰ আন্তঃৰাষ্ট্ৰীয় ক্রীড়া ষ্টেডিয়ামত কাজাখাস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খে...

August 31, 2025 9:53 PM

views 15

পুৰুষৰ এছিয়া কাপ হকী প্ৰতিযোগিতাত ভাৰতৰ জাপানক ৩-২ গ’লত পৰাস্ত

বিহাৰৰ ৰাজগীৰত অনুষ্ঠিত পুৰুষৰ এছিয়া কাপ হকী প্ৰতিযোগিতাত ভাৰতে আজি জাপানক ৩-২ গ'লত পৰাস্ত কৰে। হৰমনপ্রীত সিঙে দুটা গ'ল কৰাৰ বিপৰীতে মনদীপ সিঙে এটা গ'ল দিয়ে। জাপানৰ হৈ কোচেই কাৱাবে দুটা গ'ল কৰে । ইয়াৰ পূৰ্বে অনুষ্ঠিত আন এখন খেলত চীনে কাজাখাস্তানক ১৩–১ গ'লত পৰাস্ত কৰে। এই প্ৰতিযোগিতাত বিজয়ী দলটোৱে ২০২৬ চনত হ'বলগা পুৰুষৰ হকী বিশ্বকাপৰ বাবে স্থান নিশ্চিত কৰিব। নিৰাপত্তাজনিত কাৰণত পাকিস্তানে আৰু বিত্তীয় অসুবিধাৰ বাবে অমানে প্রতিযোগিতাৰ পৰা নাম বাতিল কৰাত তেওঁলোকৰ স্থানত বাংলাদেশ আৰু কাজাখাস্তান...

December 15, 2024 11:51 AM

views 24

ওমানত অনুষ্ঠিত মহিলাৰ জুনিয়ৰ এছিয়া কাপ হকী প্ৰতিযোগিতাৰ ফাইনেলত ভাৰত চীনৰ সন্মুখীন

ভাৰত আজি ওমানৰ মাস্কটত অনুষ্ঠিত মহিলাৰ জুনিয়ৰ এছিয়া কাপ হকী প্ৰতিযোগিতাৰ ফাইনেলত চীনৰ সন্মুখীন হ'ব। ভাৰতে কালি জাপানক ৩-১ গলত পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰে। একেদৰে চীনে দক্ষিণ কোৰিয়াক ৪-১ গলৰ ব্যৱধানত পৰাভূত কৰি ফাইনেলত প্ৰৱেশ কৰে।

December 9, 2024 1:14 PM

views 25

আজি নিশা ৮.৩০ বজাত জুনিয়ৰ এছিয়া কাপ হকী প্ৰতিযোগিতাত ভাৰত পৰৱৰ্তী গ্ৰুপ পৰ্যায়ৰ খেলত মালয়েছিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব

ওমানৰ মাস্কটত চলি থকা মহিলাৰ জুনিয়ৰ এছিয়া কাপ হকী প্ৰতিযোগিতাত ভাৰত আজি পৰৱৰ্তী গ্ৰুপ পৰ্যায়ৰ খেলত মালয়েছিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা ৮.৩০ বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাৰ ৬ বাজি ১৫ মিনিটত হ'বলগীয়া পুল-বিৰ আন এখন খেলত চীনা টাইপেই দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে খেলিব। ভাৰতে যোৱা নিশা বাংলাদেশক ১৩-১ গলৰ বিশাল ব্যৱধানত পৰাস্ত কৰে। অহা বছৰ চিলিত হ'বলগীয়া এফ আই এইছ জুনিয়ৰ বিশ্বকাপৰ বাবে জুনিয়ৰ এছিয়া কাপ প্ৰতিযোগিতাখন যোগ্যতানির্ণয়কাৰী খেল হিচাপে বিবেচিত হ'ব। প্ৰতিযোগিতাৰ...

December 5, 2024 1:13 PM

views 18

পুৰুষৰ জুনিয়ৰ এছিয়া কাপ হকী প্ৰতিযোগিতাত ভাৰতৰ চূড়ান্ত বিজয়ীৰ খিতাপ দখল

ওমানৰ মাস্কটত অনুষ্ঠিত পুৰুষৰ জুনিয়ৰ এছিয়া কাপ হকী প্ৰতিযোগিতাত ভাৰতে চূড়ান্ত বিজয়ীৰ খিতাপ দখল কৰিছে। কালি অনুষ্ঠিত ফাইনেল খেলত ভাৰতে পাকিস্তানক ৫-৩ গ'লত পৰাস্ত কৰে। খেলখনত অজিৎ সিঙে ৪টা গ'ল দি খেলখনত বিজয় সাব্যস্ত কৰাৰ ক্ষেত্ৰত মুখ্য ভূমিকা পালন কৰে। দিলৰাজ সিঙে এটা গ'ল দিয়ে । পাকিস্তানৰ হৈ ছুফায়ান খানে দুটা আৰু হন্নান ছাহিদে এটা গ'ল দিয়ে। সামাজিক মাধ্যমত দিয়া এটা পোষ্টত হকী ইণ্ডিয়াই কয়, যে ভাৰতীয় খেলুৱৈসকলৰ একাগ্ৰতা, দক্ষতা আৰু সমৰ্পিত মনোভাৱৰ বাবেই এই বিজয় সম্ভৱ হৈ উঠিছে। এই প্রত...