July 28, 2024 7:52 PM

views 45

মহিলাৰ এছিয়া কাপ টি টুৱেণ্টিৰ ফাইনেলত ভাৰতৰ বিৰুদ্ধে শ্রীলংকাৰ ৮ উইকেটত জয়লাভ

মহিলাৰ এছিয়া কাপ টি টুৱেণ্টিৰ ফাইনেলত ভাৰতৰ বিৰুদ্ধে শ্রীলংকাই ৮ উইকেটত জয়লাভ কৰিছে। প্ৰথমে বেট ধৰি ভাৰতে নিৰ্ধাৰিত ২০ অভাৰত ৬ টা উইকেট হেৰুৱাই ১৬৫ ৰাণ কৰিবলৈ সমৰ্থ হয়। প্ৰত্যুত্তৰত গৃহদল শ্রীলংকাই ১৬৬ ৰাণৰ বিজয় লক্ষ্য অনুসৰণ কৰি ১৮ অভাৰ ৪ টা বলত দুটা উইকেট হেৰুৱাই ১৬৭ ৰাণ কৰিবলৈ সমৰ্থ হয় ৷

July 27, 2024 9:29 PM

views 52

মহিলাৰ টি-টুৱেণ্টি এছিয়া কাপ ক্রিকেট প্রতিযোগিতাৰ কাইলৈৰ ফাইনেলত ভাৰত বনাম শ্ৰীলংকা

মহিলাৰ টি-টুৱেণ্টি এছিয়া কাপ ক্রিকেট প্রতিযোগিতাৰ ফাইনেলত কাইলৈ ভাৰত শ্ৰীলংকাৰ বিৰুদ্ধে আৱতীৰ্ণ হ'ব। শ্ৰীলংকাৰ ডাম্বুলাত অনুষ্ঠিত দ্বিতীয়খন ছেমি ফাইনেলত শ্রীলংকাই পাকিস্তানক ৩ উইকেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। কালিৰ খেলখনত ১৪১ ৰানৰ লক্ষ্যৰে খেলা শ্ৰীলংকাৰ দলটোৱে তিনিটা উইকেট আৰু এটা বল বাকী থকা অৱস্থাত জয় লাভ কৰিবলৈ সমৰ্থ হয়। ভাৰতে প্ৰতিযোগিতাৰ প্ৰথমখন ছেমি ফাইনেলত বাংলাদেশক ১০ উইকেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছিল।