August 7, 2025 12:28 PM August 7, 2025 12:28 PM
9
উত্তৰ-পূৰ্বাঞ্চলত মুঠ ২৭৮ কিল’মিটাৰ ৰে’লপথ নিৰ্মাণৰ বাবে ৪১, ৬৭৬ কোটি টকা ব্যয়
চলিত বৰ্ষৰ মাৰ্চ মাহ পৰ্যন্ত উত্তৰ-পূৰ্বাঞ্চলত মুঠ ২৭৮ কিল’মিটাৰ ৰে’লপথ নিৰ্মাণৰ বাবে ৪১ হাজাৰ ৬৭৬ কোটি টকা ব্যয় কৰা হৈছে। ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে কালি এটা লিখিত প্ৰত্যুত্তৰত এই কথা উল্লেখ কৰে। তেওঁ কয়, যে উত্তৰ-পূৰ্বাঞ্চলত ৰে’ল নেটৱৰ্কৰ লাইন ক্ষমতা বৃদ্ধিৰ বাবে মুঠ ৭৭৭ কিল’মিটাৰ দৈৰ্ঘ্যৰ ১২টা ৰে’ল প্ৰকল্পত অনুমোদন জনোৱা হৈছে। অনুমোদিত প্ৰকল্পসমূহৰ ভিতৰত বগীবিল দলং, আগৰতলা- ছাব্ৰুম নতুন লাইন আৰু লামডিং-হোজাই লাইন উল্লেখযোগ্য। বিগত তিনিটা বছৰত উত্তৰ-পূৰ্বাঞ্চলত মুঠ এহেজাৰ ৭৯০ কিল’মিটাৰ দৈৰ্...