April 5, 2025 12:32 PM

views 31

উত্তৰ গুৱাহাটী আৰু শুৱালকুছিত অশোকাষ্টমী মেলা আৰম্ভ

কামৰূপ জিলাৰ উত্তৰ গুৱাহাটী আৰু শুৱালকুছিত আজি পৰম্পৰাগতভাৱে অশোকাষ্টমী মেলা আৰম্ভ হৈছে। অশ্বক্ৰান্ত দেৱালয়ৰ উদ্যোগত আয়োজিত মেলাত ব্ৰহ্মপুত্ৰ নৈৰ পাৰত থকা বিষ্ণুপদত অস্থি আৰু পিণ্ড বিসৰ্জনৰ ব্যৱস্থা কৰা হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা যাত্ৰীসকলে পুৱাৰেপৰা নৈৰ পাৰত ভিৰ কৰা পৰিলক্ষিত হৈছে। একেদৰে আজি পুৱাৰেপৰা শুৱালকুছিতো অশোকাষ্টমী উপলক্ষে ভক্তিপ্ৰাণ ৰাইজে ব্ৰহ্মপুত্ৰত স্নান কৰি মৃত আত্মীয়ৰ অস্থি বিসৰ্জন কৰিছে।