December 7, 2024 7:38 PM December 7, 2024 7:38 PM
11
অষ্টলক্ষ্মী মহোৎসৱত ৩৪ বিধ ভৌগলিক সূচ্যাংক অর্থাৎ জি আই টেগ থকা সামগ্ৰী প্ৰদৰ্শন
কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ সম্ভাৱনাসমূহ বিকশাই তুলি অঞ্চলটোৰ সৰ্বাঙ্গীন উন্নয়নৰ বাবে প্ৰচেষ্টা চলাই আছে বুলি আজি উত্তৰ পূৱ উন্নয়ন দপ্তৰৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই প্ৰকাশ কৰিছে। নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত অষ্টলক্ষ্মী মহোৎসৱৰ আজিৰ কাৰ্যসূচীত অংশ লৈ মন্ত্ৰীগৰাকীয়ে এই বিষয়ে প্ৰকাশ কৰে। প্রধানমন্ত্ৰীয়ে কালি মুকলি কৰা ৩ দিনীয়া এই মহোৎসৱত ২৫০গৰাকীৰো অধিক শিল্পীয়ে হস্তশিল্প, হস্ততাঁত, বস্ত্ৰ, উদ্যানশস্যৰ উপৰি ৩৪ বিধ ভৌগলিক সূচ্যাংক অর্থাৎ জি আই টেগ থকা সামগ্ৰী প্ৰদৰ্শন কৰ...