March 27, 2025 8:21 PM

views 12

ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণিলৈ ৩ দিন বাকী, ব্যাপক ৰূপত প্ৰচাৰ অব্যাহত

ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণিলৈ মাজত তিনিটা দিন বাকী থকা অৱস্থাত বিভিন্ন ৰাজনৈতিক দলে ব্যাপক ৰূপত প্ৰচাৰ অব্যাহত ৰাখিছে। পৰিষদৰ অন্তৰ্গত গোৱালপাৰা আৰু কামৰূপ জিলাৰ নিৰ্বাচন হ'বলগীয়া ৩৩ টা সমষ্টিৰ বাবে আজিও কেইবাগৰাকীও নেতাই প্ৰচাৰ অভিযানত অংশ লয়। সমষ্টিকেইটাত বিজেপি, ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি আৰু অসম গণ পৰিষদ দলে ঐক্যবদ্ধভাৱে প্ৰচাৰ অভিযান চলাই আছে। কংগ্ৰেছ দলৰ লগতে অন্যান্য ৰাজনৈতিক দল আৰু নিৰ্দলীয় প্ৰাৰ্থীয়েও প্ৰচাৰ তীব্ৰ কৰি তুলিছে। জ্যেষ্ঠ বিজেপি নেতা ...