September 27, 2024 7:35 PM

views 12

গুৱাহাটীৰ জনতা ভৱনত মন্ত্রী অশোক সিংহালৰ পর্যালোচনা বৈঠক

ৰাজ্যৰ গৃহ আৰু নগৰ পৰিক্ৰমা তথা জলসম্পদ মন্ত্রী অশোক সিংহালে আজি তেওঁৰ অধীনৰ বিভাগত ৰূপায়ণ হৈ থকা কেইবাটাও প্ৰকল্পৰ অগ্ৰগতি পৰ্যালোচনা কৰে। গুৱাহাটী জনতা ভৱনত অনুষ্ঠিত এই পর্যালোচনা বৈঠকত মন্ত্ৰীগৰাকীয়ে গুৱাহাটী জলবোর্ড, প্রধানমন্ত্রী আবাস যোজনা-নগৰাঞ্চল আৰু গৃহ তথা নগৰ পৰিক্ৰমা বিভাগৰ উমৈহতীয়া প'ৰ্টেল সন্দৰ্ভত আলোচনা কৰে। আলোচনাৰ সময়ত মন্ত্ৰীগৰাকীয়ে নগৰাঞ্চলত পানীৰ সুবিধা, বঞ্চতসকলক গৃহ আঁচনিৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ প্ৰদান, ডিজিটেল পদক্ষেপসমূহ তথা প্ৰশাসনীয় দিশসমূহৰ উত্তৰণৰ ক্ষেত্ৰত গুৰুত্ব ...

August 17, 2024 11:29 AM

views 21

ৰাজ্যৰ জলসিঞ্চন মন্ত্রী অশোক সিংহালৰ বিভাগীয় বিষয়াৰে পর্যালোচনা বৈঠক

ৰাজ্যৰ জলসিঞ্চন মন্ত্রী অশোক সিংহালে কালি দিছপুৰত বিভাগীয় বিষয়াসকলৰ সৈতে এখন পর্যালোচনা বৈঠকত মিলিত হয়। জলসিঞ্চন বিভাগৰ আয়ুক্ত সচিব, সচিব, মুখ্য অভিযন্তাকে ধৰি কেইবাগৰাকী বিষয়াৰ উপস্থিতিত অনুষ্ঠিত বৈঠকখনত মন্ত্ৰীগৰাকীয়ে বিভাগৰ অধীনত অব্যাহত থকা বিভিন্ন আঁচনিসমূহৰ কাম-কাজৰ বুজ লয়। লগতে মন্ত্ৰীগৰাকীয়ে কৃষকসকলৰ সুবিধা-অসুবিধাক বিশেষ প্রাধান্য দি খেতি পথাৰসমূহলৈ পৰ্যাপ্ত জলসিঞ্চন সুনিশ্চিত কৰাৰ লগতে তেওঁলোকৰ সমস্যাসমূহ ততাতৈয়াকৈ সমাধান কৰিবলৈ বিভাগীয় বিষয়াসকলক নির্দেশ দিয়ে।