January 7, 2026 8:58 PM

views 15

অহা ৯ জানুৱাৰীৰ পৰা হ’বলগীয়া চৰাইদেউ মহোৎসৱৰ প্ৰস্তুতিৰ বুজ লয় মন্ত্রী অশোক সিংহলে

মন্ত্রী অশোক সিংহলে আজি চৰাইদেউ মৈদাম পৰিদৰ্শন কৰাৰ লগতে অহা ৯ জানুৱাৰীৰ পৰা হ'বলগীয়া চৰাইদেউ মহোৎসৱৰ প্ৰস্তুতিৰ বুজ লয়। পৰিদৰ্শনৰ অন্তত ইউনেস্কোৰ বিশ্ব ঐতিহ্যৰ তালিকাত স্থান পোৱাৰ পাছত চৰাইদেউ মৈদামৰ গুৰুত্ব বিশ্ব দৰবাৰত বৃদ্ধি পোৱা বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। লগতে মন্ত্ৰীগৰাকীয়ে আহোম ৰাজত্বকালৰ ইতিহাস বিজড়িত মৈদামসমূহৰ সংৰক্ষণ আৰু ইয়াৰ ঐতিহাসিক গুৰুত্বৰ বিষয়ে কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰে ।