July 29, 2025 11:22 AM

views 21

বনভূমি অধিকাৰ আইন ২০০৬ৰ অধীনত বিশ্বনাথ জিলা প্রশাসনৰ ২১৪৫জন লোকক ভূমিস্বত্ব প্রমাণ-পত্ৰ বিতৰণ

বনভূমি অধিকাৰ আইন ২০০৬ৰ অধীনত বিশ্বনাথ জিলা প্রশাসনে কালি জিলাখনৰ বনভূমিত বসবাস কৰা ২১৪৫জন লোকক ভূমিস্বত্ব প্রমাণ-পত্ৰ বিতৰণ কৰে। বিশ্বনাথৰ কমলাকান্ত নাট্য সমাজত এই উপলক্ষে অনুষ্ঠিত সভাত বিশ্বনাথৰ অভিভাৱক মন্ত্রী অশোক সিংহল, বিধায়ক প্রমোদ বৰঠাকুৰকে ধৰি আন কেইবাগৰাকীও বিধায়ক উপস্থিত থাকে। মন্ত্রী অশোক সিংহলে তেওঁৰ ভাষণত কয় যে অসমৰ খিলঞ্জীয়া লোকসকলক সামাজিক আৰু সাংস্কৃতিক দিশত সুৰক্ষিত কৰিবলৈ বন অধিকাৰ আইন, ২০০৬ৰ অধীনত ৰাজ্য চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে। এই আইনৰ জৰিয়তে চৰকাৰে খিলঞ্জীয়া লোকক...