July 26, 2024 12:17 PM July 26, 2024 12:17 PM

views 4

ৰাষ্ট্ৰপতি ভৱনৰ দৰবাৰ হলক গণতন্ত্ৰ মণ্ডপ আৰু অশোক হলক অশোক মণ্ডপ ৰূপে নামকৰণ

ৰাষ্ট্ৰপতি ভৱনৰ দুটা ঐতিহাসিক হলৰ নতুন নামকৰণ কৰা হৈছে। সেই অনুসৰি ৰাষ্ট্ৰপতি ভৱনৰ দৰবাৰ হল আৰু অশোক হলক এতিয়াৰে পৰা গণতন্ত্ৰ মণ্ডপ আৰু অশোক মণ্ডপ ৰূপে জনা যাব। উল্লেখ্য যে দৰবাৰ হলত ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰদানৰ দৰে গুৰুত্বপূৰ্ণ সমাৰোহ অনুষ্ঠিত হৈ আহিছে। আনহাতে অশোক হলটো ব্ৰিটিছ শাসনৰ সময়ত নৃত্যশালা হিচাপে ব্যৱহৃত হৈছিল। কালি এই হল দুটাৰ নাম সলনি কৰি জাৰি কৰা বিবৃতিত কেন্দ্ৰীয় চৰকাৰে কয় যে দৰবাৰ শব্দটোৰে দেশৰ প্ৰাচীন শাসক আৰু ব্ৰিটিছে সভা বা সদনক বুজাইছিল। ভাৰত গণৰাজ্যত পৰিণত হোৱাৰ পাছত এই শব...