January 10, 2026 7:07 PM

views 18

অস্মিতা খেলো ইণ্ডিয়া ৰাষ্ট্ৰীয় মহিলা ভাৰোত্তোলন লীগত অসমৰ দুটা সোণ আৰু এটা ব্ৰঞ্জৰ পদক অর্জন

উত্তৰ প্ৰদেশৰ মোদী নগৰত অনুষ্ঠিত অস্মিতা খেলো ইণ্ডিয়া ৰাষ্ট্ৰীয় মহিলা ভাৰোত্তোলন লীগত অসমে আজি দুটা সোণ আৰু এটা ব্ৰঞ্জৰ পদক অর্জন কৰিছে। অসমৰ হৈ পৰিস্মিতা গগৈ আৰু আইচেংফা গগৈয়ে সোণৰ পদক অৰ্জনৰ লগতে ৰিয়াৰাণী বড়োৱে ব্ৰঞ্জৰ পদক দখল কৰে। পৰিস্মিতাই ৪৪ কিলোগ্রাম আৰু আইচেংফাই ৮১ কিলোগ্রাম শাখাত সোণৰ পদক লাভ কৰে। আনহাতে, ৰিয়াৰাণীয়ে ৪৮ কিলোগ্রাম শাখাত ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সমর্থ হয়।