October 12, 2025 9:28 PM October 12, 2025 9:28 PM
18
মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ গোলকীয় প্ৰতিভাৰ বাবে বিদেশী ভাষাৰ উদ্যোগ শীৰ্ষক কাৰ্যসূচীৰ শুভাৰম্ভ কৰে
ৰাজ্যৰ যুৱক-যুৱতীসকলক বিদেশী ভাষাৰ দক্ষতাৰে পাৰ্গত কৰি তুলি বিশ্বজুৰি কৰ্মৰ সুযোগ মুকলি কৰাৰ লক্ষ্যৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি গোলকীয় প্রতিভাৰ বাবে মুখ্যমন্ত্ৰীৰ বিদেশী ভাষাৰ উদ্যোগ শীৰ্ষক কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। এই উপলক্ষে গুৱাহাটীৰ উত্তৰ-পূব দক্ষতা কেন্দ্ৰত আয়োজিত এটা অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে এই আঁচনিখনৰ প্রথম পৰ্যায়ত ১৮০ গৰাকী যুৱক-যুৱতীক জাপানী ভাষাত সাংস্কৃতিক প্রশিক্ষণ, নিযুক্তি আৰু আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব। ইয়াৰ জৰিয়তে বিভিন্ন খণ্ডত ভাৰত-জাপানৰ স...