April 10, 2024 5:37 PM

views 38

অৰবিন্দ কেজৰিৱালৰ অধিবক্তাক সাক্ষাতৰ বাবে অধিক সময় বিচাৰি জনোৱা আবেদন অগ্ৰাহ্য

দিল্লীৰ এখন আদালতে, মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ন্যায়িক জিম্মাত থকা অৱস্থাত তেওঁৰ অধিবক্তাক সাক্ষাতৰ বাবে অধিক সময় বিচাৰি জনোৱা আবেদন অগ্ৰাহ্য কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কাৰাগাৰৰ ভিতৰৰ পৰা চৰকাৰ পৰিচালনা কৰিবলৈ বিচাৰিছে বাবেই তেওঁলৈ বিশেষ সুবিধা আগবঢ়াব নোৱাৰি বুলি মত প্ৰকাশ কৰি বিধি বলৱৎকাৰী সঞ্চালকালয়ে কেজৰিৱালৰ এই আবেদনৰ বিৰুদ্ধে যুক্তি দশোৱাৰ পৰিপ্ৰেক্ষিতত আদালতে এই সিদ্ধান্ত ঘোষণা কৰে। উল্লেখযেগ্য যে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে কেইবাটাও গোচৰ ৰুজু হৈ থকাৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ ব...

April 5, 2024 8:44 PM

views 37

আপৰ অভিযোগঃ কেজৰিৱালক ষড়যন্ত্ৰৰ বলি কৰি কাৰাগাৰত বন্দী কৰি ৰখা হৈছে

◊ আম আদমী পাৰ্টীয়ে আজি অভিযোগ কৰে যে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক ষড়যন্ত্ৰৰ বলি কৰি কাৰাগাৰত বন্দী কৰি ৰখা হৈছে। নতুন দিল্লীত সংবাদ মাধ্যমক অৱগত কৰি আপৰ নেতা সঞ্জয় সিঙে অভিযোগ কৰে যে সাংসদ মগুন্তা ৰেড্ডীক কেজৰিৱালৰ বিৰুদ্ধে ভুৱা বক্তব্য দিবলৈ হেঁচা প্ৰদান কৰা হৈছিল আৰু যেতিয়া তেওঁ নাকচ কৰিছিল তেতিয়া তেওঁৰ পুত্ৰ ৰাঘৱ ৰেড্ডীক গ্ৰেপ্তাৰ কৰা হৈছিল। তেওঁ লগতে কয় যে নিৰন্তৰ সোধা-পোছাৰ অন্তত ৰাঘৱ ৰেড্ডীয়ে কেজৰিৱালৰ বিৰুদ্ধে নিজৰ বক্তব্য সলনি কৰে আৰু ইয়াৰ ফলতে আপৰ নেতাসকলক ভুৱা অভিযোগত অভিযুক্...

April 5, 2024 8:42 PM

views 41

দিল্লীৰ এখন আদালতৰ কেজৰিৱাল সৈতে নিজা অধিবক্তাৰ আইনী বৈঠকৰ সংখ্যা সপ্তাহত ২ৰ পৰা ৫লৈ বৃদ্ধিৰ অনুৰোধ সংৰক্ষণ

♦দিল্লীৰ এখন আদালতে আজি মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে তেওঁৰ অধিবক্তাৰ সৈতে আইনী বৈঠকৰ সংখ্যা, সপ্তাহত দুবাৰৰ পৰা পাঁচবাৰলৈ বৃদ্ধি কৰাৰ বাবে কৰা অনুৰোধটো সংৰক্ষণ কৰে। ৰাউজ এভিনিউ আদালতৰ বিশেষ ন্যায়াধীশ কাবেৰী বাৱেজাই এই বিষয়টোৰ ওপৰত আদেশ পাবলৈ ৯ এপ্ৰিলৰ দিনটো ধাৰ্য কৰিছে। উল্লেখযোগ্য যে সোমবাৰে আদালতে আবকাৰী নীতিৰ কেলেংকাৰীত ধন সৰবৰাহৰ গোচৰৰ সৈতে জড়িত মুখ্যমন্ত্রী কেজৰিৱালক ১৫ এপ্ৰিললৈকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।

April 3, 2024 8:39 PM

views 34

আপৰ নেতা সঞ্জয় সিঙক আৱকাৰী নীতি কেলেংকাৰী গোচৰত সাক্ষ্য প্রমাণ বিনষ্ট নকৰিবলৈ দিল্লীৰ এখন আদালতৰ নিৰ্দেশ

♦ দিল্লীৰ এখন আদালতে আম আদমী পাৰ্টীৰ নেতা সঞ্জয় সিঙক আৱকাৰী নীতি কেলেংকাৰী গোচৰত সাক্ষ্য প্রমাণ বিনষ্ট অথবা সাক্ষী সকলক প্ৰভাৱিত নকৰিবলৈ নিৰ্দেশ দিছে। বিশেষ ন্যায়াধীশ কাৱেৰী বৱেজাই আজি তিহাৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা তেওঁক মুকলি কৰাৰ নিৰ্দেশ দিয়াৰ পূৰ্বে এইদৰে নিৰ্দেশ দিয়ে। উচ্চতম ন্যায়ালয়ে কালি সঞ্জয় সিঙৰ জামিন মঞ্জুৰ কৰিছে। যোৱা বছৰ অক্টোবৰত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল। ন্যায়াধীশ বৱেজাই লগতে ৰাজ্যসভাৰ সাংসদগৰাকীক পাৰপত্ৰ জমা দিবলৈ আৰু ৰাষ্ট্ৰীয় ৰাজধানী ক্ষেত্ৰ এৰাৰ পূর্বে যাত্ৰাসূচী বিষয়...

April 2, 2024 1:11 PM

views 65

কেজৰিৱালৰ সপক্ষে আম আদমী পাৰ্টীয়ে জনতাৰ সমৰ্থন আদায় কৰিবলৈ চেষ্টা কৰা কাৰ্যত ভাৰতীয় জনতা পাৰ্টীৰ তীব্র প্রতিক্রিয়া

◊ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ সপক্ষে আম আদমী পাৰ্টীয়ে জনতাৰ সমৰ্থন আদায় কৰিবলৈ চেষ্টা কৰা কাৰ্যত ভাৰতীয় জনতা পাৰ্টীয়ে তীব্র প্রতিক্রীয়া প্ৰকাশ কৰিছে। কালি নতুন দিল্লীত সংবাদ মাধ্যমক সম্বোধন কৰি দলৰ মুখপাত্র সুধাংশু ত্রিবেদীয়ে কয় যে, দিল্লীৰ আদালতে সুনির্দিষ্ট প্ৰমানৰ ভিত্তিত তেওঁক জেললৈ প্ৰেৰণৰ নিৰ্দেশ দিছে। তেওঁ লগতে কয় এই গোচৰত দিল্লী চৰকাৰৰ স্থিতি ক্রমান্বয়ে স্পষ্ট হ'বলৈ আৰম্ভ কৰিছে।  Read More News :  ভাৰতে ১০০ কোটি টনতকৈও অধিক কয়লা আৰু লিগনাইট উৎপাদন কৰিব পৰাটো দেশৰ বাব...

April 1, 2024 8:53 PM

views 27

দিল্লীৰ এখন আদালতৰ অৰবিন্দ কেজৰিৱালক ১৫ এপ্ৰিললৈকে ন্যায়িক জিম্মালৈ প্ৰেৰণ

◊ দিল্লীৰ এখন আদালতে আজি দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টিৰ নেতা অৰবিন্দ কেজৰিৱালক ১৫ এপ্ৰিললৈকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে। আবকাৰী নীতি কেলেংকাৰী সন্দৰ্ভত সংঘটিত অবৈধ ধনৰ লেন-দেন সংক্রান্তীয় গোচৰত তেওঁক বিধি বলৱৎকাৰী সঞ্চালকালয়ে যোৱা ২১ মাৰ্চত গ্ৰেপ্তাৰ কৰিছিল। বিধি বলৱৎকাৰী সঞ্চালকালয়ত মুখ্যমন্ত্ৰী কেজৰিৱালৰ জিম্মাৰ ম্যাদ উকলি যোৱাৰ পৰিপ্ৰেক্ষিতত তেওঁক আদালতত হাজিৰ কৰোৱাৰ পাছত চিবিআইৰ বিশেষ ন্যায়াধীশ কাবেৰী বাৱেজাই এই নিৰ্দেশ জাৰি কৰে। ইয়াৰ পূৰ্বে যোৱা মাহৰ ২২ তাৰিখে শ্ৰী কেজৰিৱ...