August 9, 2025 9:54 PM August 9, 2025 9:54 PM
4
অৰুণোদয় আঁচনিৰ টকা লাভ কৰা মহিলাসকললৈ ৰন্ধন গেছ ক্ৰয়ৰ নামত ২৫০ টকাকৈ
অহা জানুৱাৰীৰ পৰা অৰুণোদয় আঁচনিৰ টকা লাভ কৰা মহিলাসকলে ৰন্ধন গেছ ক্ৰয়ৰ নামত ২৫০ টকাকৈ লাভ কৰিব। তামুলপুৰ জিলাৰ বাগানপাৰাত বিজয় সংকল্প সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি এই বিষয়ে ঘোষণা কৰে। তেওঁ কয়, যে নিৰ্বাচনৰ পাছত বি টি আৰত কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক নাথাকিব আৰু সকলো নাগৰিক প্ৰথম শ্ৰেণীৰ হ'ব। বিজেপি চৰকাৰৰ দিনত বি টি আৰত উন্নয়ন হৈছে বুলি মুখ্যমন্ত্ৰীয়ে দাবী কৰে। আজিৰ সভাত সাংসদ দিলীপ শইকীয়া, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাকে ধৰি কেইবাজনো নেতাই অংশগ্ৰহণ কৰে। মুখ্যমন্...