May 11, 2024 11:05 AM

views 27

আমেৰিকাৰ ইউনিভাৰছিটী অৱ জর্জিয়াৰ সহযোগী অধ্যাপক আৰুণি কাশ্যপলৈ হার্ভার্ড বিশ্ববিদ্যালয়ৰ ৰেডক্লিফ ফেল’শ্বিপ

আমেৰিকাৰ ইউনিভাৰছিটী অৱ জর্জিয়াৰ ইংৰাজী বিভাগৰ সহযোগী অধ্যাপক তথা ক্রিয়েটিব ৰাইটিং কাৰ্যক্ৰমৰ সঞ্চালক আৰুণি কাশ্যপলৈ ২০২৪-২৫ বৰ্ষৰ হার্ভার্ড বিশ্ববিদ্যালয়ৰ ৰেডক্লিফ ফেল’শ্বিপ আগবঢ়োৱা হৈছে। এই সন্মান লাভ কৰা আৰুণি কাশ্যপ হৈছে প্ৰথমগৰাকী অসমীয়া। উল্লেখযোগ্য যে হার্ভার্ড বিশ্ববিদ্যালয়ৰ ৰেডক্লিফ ইনষ্টিটউট অৱ এডভান্সড ষ্টাডিয়ে প্রত্যেক বছৰে নিজৰ ক্ষেত্ৰখনলৈ অসামান্য অৱদান আগবঢ়োৱা ৫০ গৰাকী ব্যক্তিক এই সন্মান প্ৰদান কৰি আহিছে। বৰ্তমানলৈ বিশ্ববিদ্যালয়খনে ১৫০০ ব্যক্তিক এই সন্মান প্ৰদান কৰিলেও উপ...