December 12, 2025 11:29 AM

views 27

অৰুণাচলৰ আনজাওত পথ দুৰ্ঘটনাত নিহত শ্ৰমিকৰ নিকট আত্মীয়লৈ প্ৰধানমন্ত্ৰীৰ ২ লাখ টকাৰ এককালীন সাহায্য ঘোষণা

অৰুণাচল প্ৰদেশৰ আনজাও জিলাত কালি সংঘটিত এটা শোকাৱহ পথ দুৰ্ঘটনাত অসমৰ ১৪ জন শ্রমিককে ধৰি কেইবাজনো লোকৰ মৃত্যু হোৱা ঘটনা সন্দৰ্ভত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে গভীৰ শোকপ্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে তেওঁৰ এক্স হেন্ডেলত দুর্ঘটনাটোত প্রাণ হেৰুওৱা লোকসকলৰ আত্মীয়লৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰিছে। শ্রীমোদীয়ে প্রধানমন্ত্রী সাহায্য নিধিৰ অধীনত মৃতকৰ নিকট আত্মীয়লৈ ২ লাখ টকাৰ এককালীন সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। একেদৰে আহতসকলৰ চিকিৎসাৰ বাবে ৫০ হাজাৰ টকাৰ সাহায্য আগবঢ়োৱাৰ...