April 15, 2024 6:42 PM April 15, 2024 6:42 PM
21
অৰুণাচল প্ৰদেশৰ নিছি জনজাতিৰ লংতে উৎসৱ পালন
অৰুণাচল প্ৰদেশৰ নিছি জনজাতিৰ আজি লংতে উৎসৱ পালন কৰিছে। লংতে উৎসৱ হৈছে নিছি জনজাতিসকলৰ কৃষিৰ লগত জড়িত আটাইতকৈ পুৰণি উৎসৱ। এই উৎসৱে নতুন ঋতুৰ আগমনৰ সংকেত দিয়ে যাৰ পাছত খেতি-পথাৰসমূহত গুটী সিঁচা আৰম্ভ হয়। প্রাচীন কালৰে পৰা চলি অহা এই উৎসৱে মানৱ সমাজক অশুভ শক্তিৰ পৰা ৰক্ষা কৰাৰ বিষয়ে স্মৰণ কৰোৱাই। অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল কে টি পাটনায়কে এই উৎসৱ উপলক্ষে ৰাজ্যখনৰ জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। ৰাজ্যপালগৰাকীয়ে কয় যে, লংতে উৎসৱে জনসাধাৰণৰ সু-স্বাস্থ্য আৰু অনাগত দ...