June 2, 2024 9:10 PM

views 13

অৰুণাচল প্ৰদেশৰ জনসাধাৰণক ভাৰতীয় জনতা পাৰ্টীৰ সপক্ষে জনাদেশ দিয়াৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ধন্যবাদ জ্ঞাপন

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অৰুণাচল প্ৰদেশৰ জনসাধাৰণক ভাৰতীয় জনতা পাৰ্টীৰ সপক্ষে জনাদেশ দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ জনসাধাৰণক বিজেপিৰ প্ৰতি আস্থা প্ৰকাশ কৰি পুনৰ শাসনভাৰ দিয়াৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰী মোদীয়ে কয় যে, ৰাজ্যখনৰ বিকাশৰ বাবে দলটোৱে অধিক শক্তিৰে কাম কৰি যাব। তেওঁ লগতে সমগ্ৰ ৰাজ্যতে জনসাধাৰণ সৈতে সম্পৰ্ক বৰ্তাই ৰখাৰ বাবে বিজেপিৰ নেতা-কৰ্মীসকলৰ পৰিশ্ৰমক প্ৰশংসা কৰিছে।

June 2, 2024 8:02 PM

views 13

অৰুণাচল প্ৰদেশ বিধানসভা নিৰ্বাচনত ৪৬টা সমষ্টিত বিজয়ীৰে বিজেপি একক সংখ্যাগৰিষ্ঠ দলৰূপে পৰিগণিত

অৰুণাচল প্ৰদেশত বিধানসভা নিৰ্বাচনৰ চলি থকা ভোটগণনাৰ ফলাফল অনুসৰি বিজেপিয়ে ৬০টা সমষ্টিৰ ৪৬টা সমষ্টিতে বিজয়ী হৈ একক সংখ্যাগৰিষ্ঠতাৰে পুনৰ এবাৰ শাসনভাৰ হাতত লবলৈ সাজু হৈছে। ইফালে, এন পি ই পি ৫খন, এন চি পি তখন, পি পি এয়ে ২খন, কংগ্ৰেছে এখন আৰু নিৰ্দলীয়ই তিনিখন আসন লাভ কৰে। ইফালে, ছিকিমত ছিকিম ক্ৰান্তিকাৰী মৰ্চাই ৩১খন আৰু ছিকিম ডেমক্রেটিক ফ্রণ্টে এখন আসন লাভ কৰে । ব্যাপক সংখ্যাগৰিষ্ঠতাৰে দ্বিতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিবলৈ সাজু হৈছে। পূৰ্বৰ মুখ্যমন্ত্ৰী পৱন চামলিঙে দুখন আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা আগ...