September 26, 2024 7:51 PM

views 22

অৰুণাচল প্ৰদেশ, নাগালেণ্ডৰ একাংশ অঞ্চলত সশস্ত্র বাহিনীৰ বিশেষ ক্ষমতা আইনৰ ম্যাদ পৰৱৰ্তী ছমাহলৈ বৃদ্ধি

অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডৰ একাংশ অঞ্চলত সশস্ত্র বাহিনীৰ বিশেষ ক্ষমতা আইন (আফস্পা)ৰ ম্যাদ অহা ১ অক্টোবৰৰ পৰা কাৰ্যকৰী হোৱাকৈ পৰৱৰ্তী ছমাহলৈ বৃদ্ধি কৰা হৈছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ এখন জাননীত এই কথা প্রকাশ কৰি কোৱা হৈছে যে অৰুণাচল প্ৰদেশৰ তিনিখন আৰু নাগালেণ্ডৰ ৮খন জিলাকে ধৰি অঞ্চল বিশেষত এই ব্যৱস্থা কাৰ্যকৰী হ'ব। জাননীখনত প্ৰকাশ পোৱা মতে অৰুণাচল প্ৰদেশৰ টিৰাপ, চাংলাং আৰু লংডিং জিলা তিনিখনে সামৰি লোৱা অঞ্চলসমূহৰ লগতে নামছাই জিলাৰ অন্তৰ্গত মহাদেৱপুৰ আৰু চৌখাম থানাৰ অন্তৰ্গত এলেকাসমূহক অশান্ত ...