October 3, 2025 12:33 PM

views 32

অৰুণাচল প্ৰদেশত সংঘটিত হোৱা বাছ দুৰ্ঘটনাৰ ১৩ জন নাগৰিকক উদ্ধাৰ

অৰুণাচল প্ৰদেশত সংঘটিত হোৱা বাছ দুৰ্ঘটনাৰ ১৩ জন নাগৰিকক কালি ভাৰতীয় সেনাই উদ্ধাৰ কৰে। প্ৰতিৰক্ষা বিভাগৰ মুখপাত্র লেফটেনেণ্ট কর্ণেল মহেন্দ্ৰ ৰাৱাটে কয়, যে টাৱাং জিলাৰ বৈশাখীৰ সমীপৰ গজৰাজ কৰ্পছৰ জোৱানে ততপৰতাৰে উদ্ধাৰ অভিযান আৰম্ভ কৰে। ১৩ গৰাকী যাত্ৰীক উদ্ধাৰ কৰা হৈছে বুলিও তেওঁ কয়। সেনা জোৱানসকলে আহতসকলক তাৎক্ষণিক চিকিৎসা সাহায্য প্রদান কৰে বুলিও লেফটেনেণ্ট কর্ণেল ৰাৱাটে প্ৰকাশ কৰে।  

September 22, 2025 7:00 PM

views 41

অৰুণাচলৰ ২৪০ মেগাৱাট শক্তিসম্পন্ন হো’ জলবিদ্যুৎ প্রকল্প আৰু ১৮৬ মেগাৱাট শক্তিসম্পন্ন টাটো জলবিদ্যুৎ প্ৰকল্পৰ প্ৰথমটো গোটৰ আধাৰশিলা প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অৰুণাচল প্ৰদেশৰ ২৪০ মেগাৱাট শক্তিসম্পন্ন হো' জলবিদ্যুৎ প্রকল্প আৰু ১৮৬ মেগাৱাট শক্তিসম্পন্ন টাটো জলবিদ্যুৎ প্ৰকল্পৰ প্ৰথমটো গোটৰ আধাৰশিলা স্থাপন কৰে। ৰাষ্ট্ৰীয় তাপবিদ্যুৎ নিগমৰ অধীনত ৩ হাজাৰ ৭০০ কোটি টকা ব্যয় সাপেক্ষ এই দুয়োটা প্ৰকল্প উত্তৰ পূৱ বিদ্যুৎ শক্তি নিগম চমুকৈ নিপকো আৰু অৰুণাচল প্ৰদেশ চৰকাৰৰ যৌথ উদ্যোগত নিৰ্মাণ কৰা হ'ব। উল্লেখযোগ্য যে ৰাজ্যখনৰ চি অমি জিলাৰ চিঅ'মত নিৰ্মাণ কৰিবলগীয়া হেঅ' জলবিদ্যুৎ প্রকল্পত ৮০ মেগাৱাটকৈ শক্তিৰ ৩ টা উৎপাদন গোট থাকিব। ট...

July 31, 2025 8:24 PM

views 15

অৰ্কিড অভিযানক শক্তিশালী কৰি তোলাৰ উদ্দেশ্যৰে মণীষ কুমাৰ গুপ্তাৰ নাগেশ সিঙৰ সৈতে ভার্চুবেল বৈঠকত মিলিত

আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ মাধ্যমেৰে অৰ্কিড অভিযানক শক্তিশালী কৰি তোলাৰ উদ্দেশ্যৰে অৰুণাচল প্ৰদেশৰ মুখ্য সচিব মণীষ কুমাৰ গুপ্তা থাইলেণ্ডত থকা ভাৰতৰ ৰাষ্ট্রদূত নাগেশ সিঙৰ সৈতে এখন ভার্চুবেল বৈঠকত মিলিত হয়। তেওঁলোকে অর্কিড খেতিৰ বাবে সম্ভাব্য অংশীদাৰিত্ব সন্দৰ্ভত আলোচনা কৰে। অৰুণাচল প্ৰদেশ চৰকাৰে উচ্চমানৰ অর্কিড ৰোপণ সামগ্ৰী আৰু কাৰিকৰী বিশেষজ্ঞৰ সহায়ত বৈজ্ঞানিক আৰু বাণিজ্যিকভাবে অর্কিড খেতি কৰাৰ ক্ষেত্রত থাই বিনিয়োগকাৰীক আকৰ্ষণৰ বাবে ভাৰতীয় দূতাবাসৰ সমৰ্থন বিচাৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত মুখ্য...

June 24, 2025 1:05 PM

views 19

ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ জলাধাৰৰ পানী উচ্চতম সীমা অতিক্ৰম কৰাৰ উপক্ৰম

● অৰুণাচল প্ৰদেশৰ উৎস অঞ্চলত হৈ থকা বৰষুণৰ বাবে ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ জলাধাৰৰ পানী উচ্চতম সীমা অতিক্ৰম কৰাৰ উপক্ৰম হৈছে। নীপকোৰ সূত্ৰৰ উদ্ধৃতি দি আমাৰ লখিমপুৰৰ সংবাদদাতাই জনোৱা মতে ইয়াজুলিত থকা ৰঙানদীৰ প্ৰকল্পৰ নিয়ন্ত্রণ কক্ষই বৰষুণ হৈ থাকিলে ৰঙানদী প্ৰকল্পৰ দুৱাৰ খুলি দিয়াৰ সিদ্ধান্ত ল'বলগীয়া হ'ব। ইয়াৰ ফলত ৰঙানদীৰ নামনি অংশৰ লখিমপুৰ জিলাৰ ভালেমান ঠাই প্লাৱিত হোৱাৰ আশংকা আছে।

April 21, 2025 8:11 PM

views 23

নামচাইত বুদ্ধ ধৰ্ম্মা আৰু উত্তৰ পূৰ্বাঞ্চলৰ সংস্কৃতি বিষয়বস্তুৰে আন্তৰাষ্ট্ৰীয় অভিৱৰ্তন মুকলি

অৰুণাচল প্ৰদেশৰ উপ মুখ্যমন্ত্রী চাওনা মেইনে আজি নামচাইত বুদ্ধ ধৰ্ম্মা আৰু উত্তৰ পূৰ্বাঞ্চলৰ সংস্কৃতি বিষয়বস্তুৰে এখন দুদিনীয়া আন্তৰাষ্ট্ৰীয় অভিৱৰ্তন মুকলি কৰে। আন্তৰাষ্ট্ৰীয় বৌদ্ধ মহাসংঘই কেন্দ্রীয় সাংস্কৃতিক মন্ত্ৰালয়ৰ সহযোগত এই অভিৱৰ্তনৰ আয়োজন কৰিছে। অনুষ্ঠানত গুৱাহাটীত ভূটানৰ কনচ্যুল জেনেৰেল জিগমে থিনলে নামগ্যাল, আন্তৰাষ্ট্ৰীয় বৌদ্ধ মহাসংঘৰ সঞ্চালক প্রধান অভিজিত হালদাৰ আৰু সচিব প্ৰধান শ্বাৰ্চে জেংচুপ নিপ'চেও উপস্থিত থাকে। আজি প্ৰথম দিনাৰ কাৰ্যসূচীৰ অংশ হিচাপে ঐতিহাসিক গুৰুত্ব, অঞ্চলটো...

April 5, 2025 8:52 PM

views 34

অৰুণাচল প্ৰদেশৰ আলোত আয়োজিত ৫৯ সংখ্যক মপিন উৎসৱত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি অৰুণাচল প্ৰদেশৰ আলোত আয়োজিত ৫৯ সংখ্যক মপিন উৎসৱত অংশগ্ৰহণ কৰে। ৰাজ্যখনৰ মূলতঃ ইষ্ট আৰু ৱেষ্ট ছিয়াং জিলাৰ গালো জনগোষ্ঠীয় লোকসকলে মপিন উৎসৱ পালন কৰি আহিছে। প্ৰকৃতি শক্তি আৰু সমৃদ্ধিৰ বাবে উদযাপন কৰা মপিন উৎসৱত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই তেওঁক আমন্ত্ৰণ জনোৱাৰ বাবে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু আৰু গালো জনগোষ্ঠীয় আয়োজক মণ্ডলীক কৃতজ্ঞতা জ্ঞাপন কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে অৰুণাচল প্ৰদেশ আৰু অসম কেৱল ভৌগোলিক সীমাৰেই নহয় বহু শতিকাজোৰা ঐতিহ...

November 1, 2024 8:25 PM

views 21

অৰুণাচল প্ৰদেশৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ তথা জলসম্পদ মন্ত্রী বিয়ুৰাম বাঘেৰ পাক্কে ব্যাঘ্র অভয়াৰণ্যত পখিলা উদ্যান মুকলি

অৰুণাচল প্ৰদেশৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ তথা জলসম্পদ মন্ত্রী বিয়ুৰাম বাঘেই আজি পাক্কে ব্যাঘ্র অভয়াৰণ্যত এখন পখিলা উদ্যান মুকলি কৰে। পাক্কে কেচাং জিলাৰ চেইজোছাৰ পশ্চিম দিশত বন শিৱিৰৰ এই উদ্যানখনে জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ প্ৰচেষ্টা ত্বৰান্বিত কৰিব আৰু অঞ্চলটোত পৰিৱেশ অনুকূল পৰ্য্যটনত উদগনি যোগাব। শ্ৰীবাঘেই লগতে পাক্কে ব্যাঘ্ৰ অভয়াৰণ্যৰ এটা ৱেবচাইটো মুকলি কৰে। এই ৱেবচাইটটোৰ জৰিয়তে সংৰক্ষণ, পৰ্য্যটন আৰু বৈচিত্ৰ্যৰ তথ্য সহজে লাভ কৰিব পৰা যাব।