January 22, 2026 11:58 AM

views 15

কোকৰাঝাৰৰ কাৰিগাঁৱৰ গৌৰীনগৰৰ পৰিস্থিতি ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ আহিছে

কোকৰাঝাৰ জিলাৰ কাৰিগাঁৱৰ গৌৰীনগৰৰ পৰিস্থিতি ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ আহিছে। সেনা বাহিনীৰ কটকটীয়া বেষ্টনীৰ মাজত কাৰিগাঁৱৰ ৰাষ্ট্ৰীয় ঘাইপথত যান-বাহনৰ চলাচল অব্যাহত আছে। কালি আশ্রয়শিবিৰসমূহ পৰিদৰ্শন কৰি অসম আৰক্ষীৰ আইন-শৃংখলা শাখাৰ মহাপৰিদৰ্শক অখিলেশ সিঙে শিবিৰত থকা লোকসকলক কোনো সংশয় অবিহনে নিজ বাসগৃহলৈ উভতি যাবলৈ আহ্বান জনায়। তেওঁ পৰিস্থিতি স্বাভাৱিক হোৱা বুলি দাবী কৰি জিলাখনত পৰ্যাপ্ত নিৰাপত্তা বাহিনী সষ্টম হৈ থকা বুলিও ৰাইজক আশ্বস্ত কৰে। সংবাদ মাধ্যমৰ আগত শ্ৰী সিঙে কয়, যে এই ঘটনা সন্দৰ্ভত...

September 1, 2025 8:08 PM

views 15

বাংলাদেশৰ জামাত-ই-ইছলামীৰ সৈতে সম্পৰ্ক ৰক্ষাৰ অভিযোগত শিক্ষক আটক

বাংলাদেশৰ জামাত-ই-ইছলামীৰ সৈতে সম্পৰ্ক ৰক্ষাৰ অভিযোগত আজি ধুবুৰী আৰক্ষীয়ে এজন শিক্ষকক আটক কৰিছে। গোপন সূত্ৰৰ পম খেদি জিলাখনৰ গোলকগঞ্জ আৰক্ষীৰ এটা দলে কোকৰাঝাৰ জিলাৰ কাজিগাঁৱৰ পৰা চুবুৰীয়া ৰাষ্ট্ৰখনৰ জেহাদী সংগঠনটোৰ সৈতে ঘনিষ্ট সম্পর্ক থকা শিক্ষক হজৰত আলীক আটক কৰে। কেইবাদিন ধৰি পলাতক হৈ থকা শিক্ষকজনক অধিক তথ্যৰ বাবে আৰক্ষীয়ে জেৰা চলাই থকাৰ লগতে সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। ধৃত শিক্ষক আলীয়ে ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ লক্ষীমাৰী মজলীয়া বিদ্যালয়ত শিক্ষক হিচাপে কৰ্মৰত আছ...