June 8, 2025 8:18 PM

views 23

স্থলসেনা প্রধান উপেন্দ্র দ্বিবেদীৰ গড়ৱালৰ সীমান্ত অঞ্চল পৰিদৰ্শন

স্থলসেনা প্রধান উপেন্দ্র দ্বিবেদীয়ে আজি গড়ৱালৰ সীমান্ত অঞ্চলৰ কেইবাটাও তালাচী চকীত উপস্থিত হৈ অঞ্চলটোত মোতায়েন হৈ থকা সেনা বাহিনীৰ প্ৰশাসনিক প্রস্তুতি তথা কার্যদক্ষতা পৰিদৰ্শন কৰে। এই ভ্ৰমণকালত শ্রীদ্বিবেদীয়ে সীমান্ত অঞ্চলত কৰ্তব্যত নিয়োজিত হৈ থকা জোৱানসকলৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ অতুলনীয় নিষ্ঠা তথা সাহসীকতাৰ প্ৰশংসা কৰে। স্থলসেনা প্রধানগৰাকীয়ে অবিৰত পৰ্যবেক্ষণ তথা অভিযানৰ বাবে প্ৰস্তুত হৈ থকাৰ ক্ষেত্ৰত উচ্চ মান বজাই ৰখাৰ ওপৰত গুৰুত্ব আৰোপ কৰে৷

January 14, 2025 10:35 AM

views 24

দেশৰ উত্তৰ সীমান্তৰ পৰিস্থিতি সুস্থিৰ হৈ আছে বুলি স্থলসেনাধ্যক্ষ জেনেৰেল উপেন্দ্ৰ দ্বিবেদীৰ প্ৰকাশ

স্থলসেনাধ্যক্ষ জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে দেশৰ উত্তৰ সীমান্তৰ পৰিস্থিতি সুস্থিৰ হৈ আছে বুলি প্ৰকাশ কৰিছে। কালি নতুন দিল্লীত সেনা বাহিনীৰ বাৰ্ষিক সংবাদ সন্মিলনত অংশগ্ৰহণ কৰি জেনেৰেল দ্বিবেদীয়ে দৃঢ়তাৰে কয়, যে দেশৰ উত্তৰ সীমান্ত সদায়েই সংবেদনশীল যদিও সেনা বাহিনী যিকোনো প্রতিকূল পৰিস্থিতিৰ সন্মুখীন হোৱাৰ বাবে সৰ্বদা প্রস্তুত। সীমান্ত অঞ্চলত শক্তিশালী আন্তঃগাঁথনি গঢ়ি তোলাতো সেনা বাহিনীৰ সর্বোচ্চ অগ্ৰাধিকাৰ বুলি উল্লেখ কৰি সেনা প্রধানগৰাকীয়ে কয়, যে পূৱ লাডাখ খণ্ডৰ বিবদমান দেমচক আৰু দেপচাং অঞ্...