June 17, 2024 12:35 PM

views 21

কিউবাত ভাৰতৰ ৰাষ্ট্রদূত হিচাপে নিযুক্ত অসমৰ হাফলঙৰ আমস্ট্রং চাংছন

অসমৰ হাফলঙৰ আমস্ট্রং চাংছন কিউবাত ভাৰতৰ ৰাষ্ট্রদূত হিচাপে নিযুক্ত লাভ কৰিছে। ১৯৯৭ বেটছৰ ভাৰতীয় বৈদেশিক সেৱাৰ বিষয়া অসমৰ টি আমস্ট্রং চাংছনক বিদেশ মন্ত্র্যলয়ে কিউবাৰ ৰাষ্ট্রদূত নিযুক্তি দিছে। ইয়াৰ পূৰ্বে চাংছন ভাৰতৰ বিদেশ মন্ত্ৰ্যালয়ত যুটীয়া সচিব পদত কৰ্মৰত আছিল। উল্লেখযোগ্য যে দেশৰ অন্যতম দক্ষ বৈদেশিক সেৱাৰ বিষয়া হিচাপে পৰিচিত চাংছনে জাপান, দক্ষিণ আফ্রিকা আদি দেশতো ভাৰতীয় কূটনৈতিক বিষয়া হিচাপে সেৱা আগবঢ়াইছে। তদুপৰি দ্বীপ ৰাষ্ট্ৰ আইচলেণ্ডৰো ৰাষ্ট্রদূত হিচাপে চাংছন কৰ্মৰত আছিল।