May 24, 2024 8:43 PM

views 13

জ্যোতি সুৰেখা ৱেন্নম আৰু প্রিয়াংশ আৰ্চাৰী বিশ্বকাপৰ দ্বিতীয় পৰ্যায়ৰ কম্পাউণ্ড মিক্সড্ টীম শাখাৰ ফাইনেলত প্ৰৱেশ

ভাৰতৰ জ্যোতি সুৰেখা ৱেন্নম আৰু প্রিয়াংশে দক্ষিণ কোৰিয়াত অনুষ্ঠিত আৰ্চাৰী বিশ্বকাপৰ দ্বিতীয় পৰ্যায়ৰ কম্পাউণ্ড মিক্সড্ টীম শাখাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ভাৰতীয় দলটোৱে ছেমি ফাইনেলত আয়োজক দেশখনৰ হান চিউজিয়ন আৰু য়াং জিঅ'নৰ যুটিটোক পৰাস্ত কৰে। জ্যোতি আৰু প্রিয়াংশ ফাইনেলত উপনীত হোৱাৰ লগে লগে এই প্ৰতিযোগিতাত ভাৰতৰ দুটাকৈ পদক নিশ্চিত হৈছে। ইয়াৰ পূৰ্বে যোৱা বুধবাৰে জ্যোতি, পৰনীত কৌৰ আৰু অদিতি স্বামীৰে গঠিত ভাৰতীয় দলটোৱে কম্পাউণ্ড উইমেন্‌ছ টীম শাখাৰ ফাইনেলত প্ৰৱেশ কৰিছিল। আনহাতে, প্রথমেশ ফুগেই ব্য...

April 28, 2024 6:21 PM

views 23

চাংহাইত অনুষ্ঠিত আৰ্ছাৰীৰ বিশ্বকাপত ভাৰতৰ পুৰুষ ৰিকাৰ্ভ দলৰ সোণৰ পদক লাভ

ভাৰতৰ পুৰুষৰ ৰিকাৰ্ভ দলে পূৰ্বৰ অলিম্পিক চেম্পিয়ন দক্ষিণ কোৰিয়াক পৰাজিত কৰি চাংহাইত অনুষ্ঠিত আৰ্ছাৰীৰ বিশ্বকাপত সোণৰ পদক লাভ কৰিছে। খেলুৱৈত্ৰয় ক্ৰমে ধিৰাজ বোম্বাদেৱড়া, তৰুণদেৱ ৰয় আৰু প্ৰবীন যাদৱৰে গঠিত ভাৰতীয় দলটিৰ এই জয়ে বিশ্বকাপ আৰ্ছাৰীত খেলুৱৈত্ৰয় প্ৰথমটো ঐতিহাসিক জয় হিচাপে পৰিগণিত হোৱাৰ উপৰি আগন্তুক পেৰিছ অলিম্পিকত দলটোৰ অংশগ্ৰহণৰ সম্ভাৱনা বৃদ্ধি কৰিছে। চলিত আৰ্ছাৰী বিশ্বকাপত এতিয়ালৈকে ভাৰতে ৫ টা সোণ, এটাকৈ ৰূপ আৰু ব্ৰঞ্জৰ পদক লাভ কৰাৰ লগতে পূৰ্বৰ প্ৰথম পৰ্যায়ৰ খেলুৱৈ দিপিকা কুমাৰ...

April 27, 2024 7:36 PM

views 27

আৰ্চাৰী বিশ্বকাপ প্রতিযোগিতাৰ কমপাউণ্ড শাখাৰ দলীয় শিতানত ভাৰতৰ তিনিওটা স্বর্ণ পদক লাভ

ভাৰতে চাংঘাইত চলি থকা আৰ্চাৰী বিশ্বকাপ প্রতিযোগিতাৰ কমপাউণ্ড শাখাৰ দলীয় শিতানৰ তিনিওটা স্বর্ণ পদক হস্তগত কৰিছে। জ্যোতি সুৰেখা ভেন্নম, অদিতি গোপীচান্দ স্বামী আৰু প্ৰণিত কৌৰক লৈ গঠিত মহিলা দলটোৱে আজি ফাইনেলত প্ৰতিযোগিতাৰ ষষ্ঠ বাছনিপ্রাপ্ত ইটালীক ২৩৬-২২৫ ফলাফলত পৰাস্ত কৰে। ইয়াকে ধৰি প্ৰতিযোগিতাখনত ভাৰতে তৃতীয়টো স্বর্ণ পদক অৰ্জন কৰিলে। জ্যোতি সুৰেখা ভেন্নম আৰু অভিষেক বাৰ্মাৰ যুটীটোৱে মিক্সড শাখাত এষ্ট'নিয়াক ১৫৮-১৫৭ ত পৰাস্ত কৰি স্বৰ্ণ পদক অৰ্জন কৰে। আনহাতে, অভিষেক বার্মা, প্রিয়াংশ আৰু প্ৰথমেশ ফ...

April 23, 2024 8:28 PM

views 18

আজিৰে পৰা চীনৰ ছাংঘাইত আৰ্ছাৰী বিশ্বকাপ ২০২৪ আৰম্ভ

আৰ্ছাৰী বিশ্বকাপ ২০২৪ আজি চীনৰ ছাংঘাইত আৰম্ভ হ'ব। ৩ বাৰকৈ অলিম্পিকত অংশগ্ৰহণ কৰা দিপিকা কুমাৰীয়ে এই প্ৰতিযোগিতাত ভাৰতীয় প্ৰত্যাহ্বানৰ গুৰি ধৰিব। ভাৰতে ২৩ৰ পৰা ২৮ এপ্ৰিললৈ হবলগীয়া প্ৰতিযোগিতাৰ প্ৰথম পৰ্যায়ত অংশগ্ৰহণ কৰাৰ বাবে এটা ১৬ জনীয়া দল প্ৰেৰণ কৰিছে।