April 29, 2024 6:30 PM

views 19

ছাংহাইত অনুষ্ঠিত আৰ্চাৰী বিশ্বকাপত ভাৰতীয় দলৰ এতিয়ালৈ ৫টা সোণসহ মুঠ ৮টা পদক লাভ

ছাংহাইত অনুষ্ঠিত আৰ্চাৰী বিশ্বকাপত ভাৰতীয় দলটোৱে বৰ্তমানলৈকে ৫টা সোণ, ২টা ৰূপ আৰু ১টা ব্ৰঞ্জসহ মুঠ ৮ টা পদক লাভ কৰিছে। পুৰুষৰ ৰিকাৰ্ভ শাখাত ভাৰতীয় খেলুৱৈত্ৰয় ক্রমে ধীৰাজ বোম্বাদেৱড়া, তৰুণদেৱ ৰয় আৰু প্ৰবীন যাদৱে দক্ষিণ কোৰিয়াক হৰুৱাই সোণৰ পদক লাভ কৰে। বিশ্বকাপ ফাইনেলত ভাৰতীয় পুৰুষৰ ৰিকাৰ্ভ দলৰ এয়া হৈছে প্ৰথমটো ঐতিহাসিক জয়। এই জয়ে পেৰিছ অলিম্পিকত দলটোৰ অংশগ্ৰহণৰ সম্ভাৱনা বৃদ্ধি কৰিছে। ইফালে, দীপিকা কুমাৰীয়ে মহিলা ৰিকাৰ্ভৰ ব্যক্তিগত শাখাৰ ফাইনেলত আজি এছিয়ান গেমছৰ চেম্পিয়ন দক্ষিণ কোৰিয়...