May 6, 2025 8:31 AM May 6, 2025 8:31 AM
21
আৰ্চাৰী বিশ্বকাপৰ দ্বিতীয় পৰ্যায়ত জ্যোতি সুৰেখা ভেন্নম আৰু দীপিকা কুমাৰীয়ে দেশৰ প্ৰত্যাশাৰ ভৰ বহন কৰিব
● ভাৰতৰ শীৰ্ষস্থানৰ খেলুৱৈ জ্যোতি সুৰেখা ভেন্নম আৰু দীপিকা কুমাৰীয়ে আজিৰ পৰা চীনৰ ছাংহাইত হ'বলগীয়া চলিত বৰ্ষৰ আৰ্চাৰী বিশ্বকাপ প্রতিযোগিতাৰ দ্বিতীয় পৰ্যায়ত দেশৰ প্ৰত্যাশাৰ ভৰ বহন কৰিব। ভাৰতৰ ১৬ জনীয়া দলটোত ৮ গৰাকীকৈ পুৰুষ আৰু মহিলা খেলুৱৈ আছে। খেলুৱৈসকলে অহা ১১ মে'লৈ চলিবলগীয়া প্ৰতিযোগিতাখনৰ কম্পাউণ্ড আৰু ৰিকাৰ্ভ শিতানৰ খেলসমূহত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব । প্রতিযোগিতাত কম্পাউণ্ড শিতানৰ সাম্প্ৰতিক বিশ্ব চেম্পিয়নদ্বয় ওজাছ দেওতালে আৰু আদিতি স্বামীয়েও ভাৰতৰ হৈ শ্ৰেষ্ঠত্ব উজাৰি দিয়াৰ প্ৰয়াস...