September 17, 2024 8:11 PM
19
আম আদমী পাৰ্টীৰ নেতা অৰবিন্দ কেজৰিৱালৰ দিল্লীৰ মুখ্যমন্ত্ৰী পদ ত্যাগ
আম আদমী পাৰ্টীৰ নেতা অৰবিন্দ কেজৰিৱালে আজি দিল্লীৰ মুখ্যমন্ত্ৰী পদ ত্যাগ কৰে। শ্ৰীকেজৰিৱালে বিয়লি দিল্লীৰ উপ ৰাজ্যপাল ভি কে চাক্সেনাৰ হাতত পদত্যাগপত্র দাখিল কৰে। ইয়াৰ পূৰ্বে আম আদমী পাৰ্টীয়ে দলৰ জ্যেষ্ঠ নেত্ৰী আতিশী দিল্লীৰ নতুন মুখ্যমন্ত্ৰী হ'ব বুলি ঘোষণা কৰে । নতুন দিল্লীত অনুষ্ঠিত আম আদমী পাৰ্টীৰ বিধায়কসকলৰ বৈঠকত শ্ৰীমতী আতিশীক বিধায়িনী গোটৰ নেত্ৰী হিচাপে বাছনি কৰা হয়। বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মহানগৰ বিভাগৰ মন্ত্ৰী গোপাল ৰায়ে কয় যে পৰৱৰ্তী বিধানসভা নির্বাচন পর্যন্ত আত...