October 18, 2024 8:07 PM

views 23

নতুন দিল্লীত বায়ুৰ গুণগত সূচ্যাংক ২৯২ত উপনীত

ৰাষ্ট্ৰীয় ৰাজধানী নতুন দিল্লীত আজি পুৱা বায়ুৰ গুণগত সূচ্যাংক চমুকৈ এ কিউ আই ২৯২ত উপনীত হোৱাৰ লগে লগে চহৰখনত বায়ুৰ গুণাগুণ অৱনমিত হৈছে। কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্রণ বোর্ডৰ তথ্য অনুসৰি এই অৱনমিত সূচ্যাংকৰ ফলত বেছিভাগ লোকৰে উশাহ-নিশাহৰ সমস্যাই দেখা দিয়াৰ সম্ভাৱনা আছে। বায়ুৰ মান নিম্নগামী হোৱাৰ পৰিপ্ৰেক্ষিতত আজি দিল্লী সচিবালয়ত সংশ্লিষ্ট সকলো বিষয়াৰ জৰুৰী বৈঠক আহ্বান কৰা হৈছে। দিল্লীৰ পৰিবেশ বিভাগৰ তথ্য অনুসৰি ১৩টা প্ৰদূষণ কেন্দ্ৰ নিৰীক্ষণ কৰি এক বিশেষ অভিযান আৰম্ভ কৰাৰ পৰিকল্পনা লোৱা হৈছে। ...