April 4, 2024 8:55 PM April 4, 2024 8:55 PM

views 17

APSC: ২০১৩ বৰ্ষৰ পৰীক্ষাত সংঘটিত অনিয়ম সন্দৰ্ভত বিশেষ তদন্তকাৰী গোটে শীঘ্ৰেই প্রতিবেদন দাখিল কৰিব

অসম লোকসেৱা আয়োগৰ ২০১৩ বৰ্ষৰ পৰীক্ষাত সংঘটিত অনিয়ম সন্দৰ্ভত বিশেষ তদন্তকাৰী গোটে শীঘ্ৰেই প্রতিবেদন দাখিল কৰিব। এখন বাজহুৱা স্বার্থ জড়িত আবেদনৰ শুনানি কালত চৰকাৰী অধিবক্তাই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মজিয়াত এই কথা অৱগত কৰে। অধিবক্তাই লগতে আদালতক জনাই যে, চৰকাৰে গঠন কৰা বিশেষ তদন্তকাৰী গোটে ইতিমধ্যে তদন্ত সম্পূৰ্ণ কৰিছে। সেয়েহে তদন্তৰ প্ৰতিবেদনখন দাখিল কৰাৰ বাবে চৰকাৰী অধিবক্তাই আদালতৰ পৰা সময় বিচাৰে। ফলত ন্যায়ালয়ে ৰাজহুৱা স্বার্থজড়িত আবেদনখনৰ পৰৱৰ্তী শুনানিৰ তাৰিখ ২২ এপ্রিল ধাৰ্য কৰিছে।

April 3, 2024 1:27 PM April 3, 2024 1:27 PM

views 41

এপিএছচি নিযুক্তি কেংলেকাৰি সন্দৰ্ভত অসম লোকসেৱা আয়োগৰ মুখ্য কাৰ্যালয়ত বিশেষ তদন্ত গোটৰ অনুসন্ধান

♦ অসম লোকসেৱা আয়োগৰ নিযুক্তি কেংলেকাৰি সন্দৰ্ভত তদন্ত চলাই থকা বিশেষ তদন্ত গোটৰ এটা দলে কালি আয়োগৰ খানাপাৰাস্থিত মুখ্য কাৰ্যালয়ত উপস্থিত হৈ বিষয়টোক লৈ অনুসন্ধান কৰে। দলটোৱে কেইবা ঘণ্টা ধৰি আয়োগৰ কাৰ্যালয়ত পুৰণি তথ্যৰ সন্ধান কৰাৰ লগতে বৰ্তমানৰ বিষয়ববীয়াসকলকো সোধা-পোছা কৰে৷ তদন্ত গোটটোৰ বিষয়াই এই সন্দৰ্ভত কোনো ধৰণৰ আনুষ্ঠানিক মন্তব্য আগবঢ়োৱা নাই যদিও কাৰ্যালয়টোৰ পৰা ভালেমান গুৰুত্বপূৰ্ণ কাগজ পত্ৰ জব্দ কৰি নিয়ে। বিশেষ সূত্ৰৰ বাতৰি অনুসৰি ৰাকেশ পাল আয়োগৰ অধ্যক্ষ হৈ থকা সময়ত অনুষ্ঠিত ৰা...