September 17, 2024 7:53 PM

views 21

অসম লোকসেৱা আয়োগৰ পৰীক্ষাত অনিয়ম সন্দৰ্ভত বিশেষ ন্যায়াধীশৰ আদালতে ২৩ জন অভিযুক্ত বিষয়াৰ বিৰুদ্ধে অভিযোগ গ্ৰহণ

অসম লোকসেৱা আয়োগৰ পৰীক্ষাত অনিয়ম সন্দৰ্ভত বিশেষ তদন্তকাৰী গোটে দাখিল কৰা অভিযোগনামাৰ ভিত্তিত আজি বিশেষ ন্যায়াধীশৰ আদালতে ২৩ জন অভিযুক্ত বিষয়াৰ বিৰুদ্ধে অভিযোগ গ্ৰহণ কৰে। আদালতে অভিযোগনামাত নাম অন্তর্ভুক্ত নোহোৱা ৯ জন বিষয়াৰ বিৰুদ্ধেও নিজাববীয়াকৈ অভিযোগ গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে লোকসেৱা আয়োগৰ পৰীক্ষাত অনিয়ম সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদনত নাম থকা ১৪ জন অভিযুক্ত বিষয়াৰ নাম বিশেষ তদন্তকাৰী গোটে অভিযোগনামাত সন্নিবিষ্ট কৰা নাছি...

July 29, 2024 8:04 PM

views 22

ৰাকেশ কুমাৰ পালসহ ৩২ জনৰ বিৰুদ্ধে শাস্তিৰ ৰায় ঘোষণা বিশেষ ন্যায়াধীশৰ আদালতৰ

অসম লোকসেৱা আয়োগৰ কৃষি উন্নয়ন বিষয়া নিযুক্তি কেলেংকাৰিৰ গোচৰত আজি বিশেষ ন্যায়াধীশৰ আদালতে আয়োগৰ প্ৰাক্তন অধ্যক্ষ ৰাকেশ কুমাৰ পালসহ ৩২ জনৰ বিৰুদ্ধে শাস্তিৰ ৰায় ঘোষণা কৰে। সেই অনুসৰি আদালতে ৰাকেশ কুমাৰ পালক দুর্নীতি প্ৰতিৰোধ আইন আৰু ভাৰতীয় দণ্ডবিধিৰ ৪টাকৈ গুৰুত্বপূৰ্ণ ধাৰাত দোষী সাব্যস্ত কৰি ১৪ বছৰৰ সশ্ৰম কাৰাদণ্ড আৰু ২ লাখ টকাৰ জৰিমনা বিহিছে। একেদৰে আয়োগৰ প্ৰাক্তন সদস্য চামেদুৰ ৰহমান আৰু বসন্ত কুমাৰ দলেক ১০ বছৰৰ সশ্ৰম কাৰাদণ্ড আৰু ২ লাখ টকাকৈ জৰিমনা বিহিছে। আনহাতে বক্রপথেৰে চাকৰি লোৱাৰ অভ...

July 23, 2024 9:54 AM

views 27

ৰাজ্যৰ বিশেষ ন্যায়াধীশৰ আদালতত অসম লোকসেৱা আয়োগৰ কৃষি উন্নয়ন বিষয়া নিযুক্তি কেলেংকাৰী গোচৰত দোষী সাব্যস্ত  ৩২ অভিযুক্তৰ আজি পুনৰ শুনানি

ৰাজ্যৰ বিশেষ ন্যায়াধীশৰ আদালতে অসম লোকসেৱা আয়োগৰ কৃষি উন্নয়ন বিষয়া নিযুক্তি কেলেংকাৰী গোচৰত দোষী সাব্যস্ত হোৱা ৩২ অভিযুক্তৰ আজি পুনৰ শুনানি গ্ৰহণ কৰিব। দোষী সাব্যস্ত হোৱা কৃষি উন্নয়ন বিষয়াসকলৰ শাস্তিৰ ম্যাদ সন্দৰ্ভত এই শুনানি গ্ৰহণ কৰা হ'ব। উল্লেখযোগ্য যে কালি বিশেষ ন্যায়াধীশৰ আদালতে এ পি এছ চিৰ প্ৰাক্তন অধ্যক্ষ ৰাকেশ পালৰ লগতে প্ৰাক্তন দুই সদস্য চামেদুৰ ৰহমান, বসন্ত কুমাৰ দলে আৰু ২৯ জন কৃষি উন্নয়ন বিষয়া পদত নিযুক্তি লাভ কৰা প্ৰাৰ্থীক ধনৰ বিনিময়ত চাকৰি লোৱা বিচাৰত দোষী সাব্যস্ত কৰিছিল।...

July 21, 2024 7:53 PM

views 26

কৃষি উন্নয়ন বিষয়া নিযুক্তি কেলেংকাৰিৰ গোচৰৰ কাইলৈ বিশেষ ন্যায়াধীশৰ আদালতৰ ৰায় দান

অসম লোকসেৱা আয়োগৰ কৃষি উন্নয়ন বিষয়া নিযুক্তি কেলেংকাৰিৰ গোচৰৰ কাইলৈ বিশেষ ন্যায়াধীশৰ আদালতে ৰায় দিব। দীৰ্ঘদিন ধৰি চলা শুনানিৰ অন্তত কাইলৈ পুৱা চাৰে ১০ বজাত গোচৰটোৰ ৰায়দানৰ দিন ধাৰ্য কৰা হৈছে। গোচৰটোত মুঠ ৪৩জন অভিযুক্তৰ নাম সাঙুৰ খাই আছে। উল্লেখ্য যে ৰাকেশ কুমাৰ পাল অসম লোকসেৱা আয়োগৰ অধ্যক্ষ হৈ থকাৰ সময়ত কৃষি উন্নয়ন বিষয়া নিযুক্তিৰ নামত ধনৰ লেনদেন হোৱাৰ অভিযোগ তুলি ২০১৭ চনত এগৰাকী প্ৰাৰ্থীয়ে ভঙাগড় থানাত এজাহাৰ দাখিল কৰিছিল। এই সন্দৰ্ভত ৰুজু হোৱা গোচৰৰ ভিত্তিতেই ৰাকেশ পালসহ কেইবাজনো অভ...

April 23, 2024 7:31 PM

views 24

অসম লোকসেৱা আয়োগৰ পৰীক্ষা কেলেংকাৰীৰ গোচৰ সন্দৰ্ভত প্ৰতিবদেন দাখিল

অসম লোকসেৱা আয়োগৰ পৰীক্ষা কেলেংকাৰীৰ গোচৰ সন্দৰ্ভত বিশেষ তদন্তকাৰী গোটে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বন্ধ খামৰ ভিতৰত তদন্তৰ অগ্ৰগতিৰ প্ৰতিবদেন দাখিল কৰে। তদন্তকাৰী সংস্থাটোৰ হৈ ৰাজ্য চৰকাৰৰ অধিবক্তাই এই প্রতিবেদন দাখিল কৰে। উল্লেখযোগ্য যে আয়োগৰ পৰীক্ষাত অনিয়মেৰে উত্তীৰ্ণ হৈ একাংশ বিষয়াই চাকৰি লাভ কৰা বিষয় সন্দৰ্ভত বিশেষ তদন্তকাৰী গোটে তদন্ত চলাই আহিছে। বিষয়টো সন্দৰ্ভত তদন্ত চলাই গোটটোৱে বহুকেইগৰাকীক গ্ৰেপ্তাৰ কৰাৰ লগতে আন বহুতকে জেৰা কৰিছিল। ইয়াৰ পাছতে গোটে উচ্চ ন্যায়ালয়ত তদন্তৰ অগ্ৰগতিৰ প...

April 4, 2024 8:55 PM

views 26

APSC: ২০১৩ বৰ্ষৰ পৰীক্ষাত সংঘটিত অনিয়ম সন্দৰ্ভত বিশেষ তদন্তকাৰী গোটে শীঘ্ৰেই প্রতিবেদন দাখিল কৰিব

অসম লোকসেৱা আয়োগৰ ২০১৩ বৰ্ষৰ পৰীক্ষাত সংঘটিত অনিয়ম সন্দৰ্ভত বিশেষ তদন্তকাৰী গোটে শীঘ্ৰেই প্রতিবেদন দাখিল কৰিব। এখন বাজহুৱা স্বার্থ জড়িত আবেদনৰ শুনানি কালত চৰকাৰী অধিবক্তাই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মজিয়াত এই কথা অৱগত কৰে। অধিবক্তাই লগতে আদালতক জনাই যে, চৰকাৰে গঠন কৰা বিশেষ তদন্তকাৰী গোটে ইতিমধ্যে তদন্ত সম্পূৰ্ণ কৰিছে। সেয়েহে তদন্তৰ প্ৰতিবেদনখন দাখিল কৰাৰ বাবে চৰকাৰী অধিবক্তাই আদালতৰ পৰা সময় বিচাৰে। ফলত ন্যায়ালয়ে ৰাজহুৱা স্বার্থজড়িত আবেদনখনৰ পৰৱৰ্তী শুনানিৰ তাৰিখ ২২ এপ্রিল ধাৰ্য কৰিছে।