July 26, 2024 12:24 PM

views 22

আজি অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক মূল পৰীক্ষা আৰম্ভ

অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক মূল পৰীক্ষা আজিৰে পৰা অনুষ্ঠিত হয়। ২৩৫টা পদৰ বাবে হ'বলগীয়া এই মূল পৰীক্ষাত দুহেজাৰ ৮২১গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ। উল্লেখযোগ্য যে প্ৰাৰম্ভিক পৰীক্ষাৰ ফলাফলৰ অন্তত দুহেজাৰ ৮৯৮গৰাকীয়ে মূল পৰীক্ষালৈ যোগ্যতা অৰ্জন কৰিছিল যদিও ইয়াৰ ভিতৰত দুহেজাৰ ৮২১গৰাকী প্ৰাৰ্থীয়েহে মূল পৰীক্ষাৰ বাবে আবেদন জনায়। এই পৰীক্ষা হ'বলগীয়া ২৩৫টা পদৰ ভিতৰত অসম অসামৰিক সেৱাৰ ৪৫টা, অসম আৰক্ষী সেৱাৰ ৩৫টা আৰু অসম বিত্ত সেৱাৰ ১৩টা পদ আছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই পৰীক্ষাত ...