September 21, 2025 12:06 PM

views 13

জনতাৰ শিল্পী জুবিন গাৰ্গৰ অকাল বিয়োগৰ পৰিপ্ৰেক্ষিতত অসম লোকসেৱা আয়োগৰ পৰীক্ষা স্থগিত

জনতাৰ শিল্পী জুবিন গাৰ্গৰ অকাল বিয়োগৰ পৰিপ্ৰেক্ষিতত অসম লোকসেৱা আয়োগে আজি আৰু কাইলৈ হ'বলগীয়া পৰীক্ষা স্থগিত ৰাখিছে। আয়োগে প্রকাশ কৰা মতে, আজি হ'বলগীয়া মীন বিভাগৰ অধীনৰ কনিষ্ঠ অভিযন্তা পদৰ পৰীক্ষা স্থগিত ৰখা হৈছে। একেদৰে, কাইলৈ হ'বলগীয়া কৃষি বিভাগৰ অধীনৰ কৃষি উন্নয়ন বিষয়া পদৰ সাক্ষাৎকাৰ প্ৰক্ৰিয়া ২৫ আৰু ২৬ ছেপ্তেম্বৰলৈ পিছুৱাই দিয়া হৈছে। কেন্দ্ৰীয় মন্ত্ৰী পৰিত্ৰ মাৰ্ঘেৰিটা শিল্পীগৰাকীৰ বিয়োগত ৰাজ্যিক শোক ঘোষণা কৰালৈ চাই সেৱা সপ্তাহ উপলক্ষে গ্রন্থবর্ষ, ২০২৫-ৰ সৈতে সংগতি ৰাখি প্ৰদান কৰি...