May 21, 2024 11:46 AM

views 13

অসম লোকসেৱা আয়োগৰ ২০২৩ বৰ্ষৰ সংযুক্ত প্রতিযোগিতামূলক (মূল) পৰীক্ষাৰ সূচী ঘোষণা

অসম লোকসেৱা আয়োগে ২০২৩ বৰ্ষৰ সংযুক্ত প্রতিযোগিতামূলক (মূল) পৰীক্ষাৰ সূচী ঘোষণা কৰিছে। সেই অনুসৰি অহা ২৬, ২৭ আৰু ২৮ জুলাইত পৰীক্ষা অনুষ্ঠিত হ'ব। আয়োগে প্ৰকাশ কৰা সূচী অনুসৰি ২৬ জুলাইৰ পুৱা ৯ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ প্ৰথম প্ৰশ্নকাকত ৰচনাৰ পৰীক্ষা অনুষ্ঠিত হ'ব। সেইদিনাই বিয়লি ডেৰ বজাৰপৰা চাৰে ৪ বজালৈ সাধাৰণ অধ্যয়নৰ প্ৰথম প্ৰশ্নকাকতৰ পৰীক্ষা অনুষ্ঠিত হ'ব। ঠিক একেদৰে ২৭ আৰু ২৮ তাৰিখেও একে সময়তে পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব। জাননীত উল্লেখ কৰা অনুসৰি ৰোল নম্বৰ আৰু ই-নামভৰ্তিৰ প্ৰমাণপত্ৰসহ প্ৰাৰ্থীৰ...