June 8, 2025 7:19 PM June 8, 2025 7:19 PM

views 13

এ পি এছ চিৰ ২০২৪ বৰ্ষৰ সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষা ৰাজ্যৰ ৩৫খন জিলাৰ ৯০টা কেন্দ্ৰত  সুকলমে সম্পন্ন

অসম লোকসেৱা আয়োগৰ ২০২৪ বৰ্ষৰ সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষা ৰাজ্যৰ ৩৫খন জিলাৰ ৯০টা কেন্দ্ৰত আজি সুকলমে সম্পন্ন হয়। মুঠ ২৮৮টা পদৰ বাবে অনুষ্ঠিত এই পৰীক্ষাত সৰ্বমুঠ ৫৭,২২২ গৰাকী প্ৰাৰ্থীয়ে আবেদন কৰিছিল। ইয়াৰে ৩২,৫০১গৰাকী পুৰুষ, ২৪,৭২১গৰাকী মহিলা আৰু ৪১৩গৰাকী বিশেষভাৱে সক্ষম আবেদনকাৰী আছে। এই পৰীক্ষা অনুষ্ঠিত ১৬টা সেৱাৰ ভিতৰত অসম প্রশাসনিক সেৱাৰ ৪৫টা, অসম আৰক্ষী সেৱাৰ ২০টা, অসম বিত্তীয় সেৱাৰ ৫৩টা আৰু কৰ পৰিদৰ্শকৰ ৫১টা পদ আছে। অহা ছেপ্তেম্বৰ-অক্টোবৰত হ'বলগীয়া মূল পৰীক্ষাৰ প্ৰশ্নকাকতসমূহ অসমীয...

June 21, 2024 1:01 PM June 21, 2024 1:01 PM

views 15

অসম লোকসেৱা আয়োগৰ ধনৰ বিনিময়ত চাকৰি লোৱাৰ গোচৰত ৪ অভিযুক্তক বিশেষ ন্যায়াধীশৰ আদালতত অভিযোগনামা দাখিল

অসম লোকসেৱা আয়োগৰ ধনৰ বিনিময়ত চাকৰি লোৱাৰ গোচৰত বিশেষ তদন্তকাৰী গোটে কালি চাৰিজন অভিযুক্তৰ বিৰুদ্ধে বিশেষ ন্যায়াধীশৰ আদালতত এখন অভিযোগনামা দাখিল কৰে। তদন্তকাৰী গোটে নিলম্বিত অতিৰিক্ত আৰক্ষী আয়ুক্ত সুকন্যা দাস, কৰ অধীক্ষক ৱাহিদা বেগম, অসম লোকসেৱা আয়োগৰ প্ৰাক্তন প্রধান পৰীক্ষা নিয়ন্ত্রক এ নন্দবাবু সিন্হা আৰু সহকাৰী নিয়োগ বিষয়া ৰাকেশ দাসৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰে।

May 9, 2024 6:42 PM May 9, 2024 6:42 PM

views 10

অসম লোকসেৱা আয়োগৰ ২০২৩ বৰ্ষৰ সংযুক্ত প্রতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষাৰ ফলাফল ঘোষণা

♦ অসম লোকসেৱা আয়োগে ২০২৩ বৰ্ষৰ সংযুক্ত প্রতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছে। মূল পৰীক্ষাৰ বাবে সৰ্বমুঠ ২,৮৯৮গৰাকী পৰিক্ষাৰ্থীয়ে যোগ্যতা অৰ্জন কৰিছে। ইয়াৰ ভিতৰত ৭১৯গৰাকী মহিলা, ১০৬গৰাকী বিশেষভাৱে সক্ষম আৰু ১০২গৰাকী প্ৰাক্তন সৈনিক পৰিক্ষাৰ্থীও আছে। পোনপ্ৰথমবাৰৰ বাবে পৰীক্ষাটোত মৰাণ, মটকৰ বাবে সংৰক্ষণ কৰা পদৰ বিপৰীতেও প্ৰাৰ্থীয়ে মূল পৰীক্ষাৰ বাবে যোগ্যতা অৰ্জন কৰিছে। উল্লেখযোগ্য যে, ৰাজ্যৰ ৩২খন জিলাৰ ১১৬টা কেন্দ্ৰত সৰ্বমুঠ ২৩৫টা পদৰ বিপৰীতে অনুষ্ঠিত হোৱা এই পৰীক্ষাত ৬৭,২৯১গৰাকী...