July 5, 2026 10:37 AM

views 23

ৰাজ্যৰ ৩৫ খন জিলাৰ পৰীক্ষাকেন্দ্ৰত APSCৰ অধীনত প্ৰাৰম্ভিক পৰীক্ষা অনুষ্ঠিত হৈছে

ৰাজ্যৰ ৩৫ খন জিলাৰ পৰীক্ষাকেন্দ্ৰত আজি অসম লোকসেৱা আয়োগৰ অধীনত সংযুক্ত প্রতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা অনুষ্ঠিত হৈছে। এইবাৰ ৪১,৬৯৫ গৰাকী পৰীক্ষাৰ্থী প্ৰাৰম্ভিক পৰীক্ষাত অৱতীৰ্ণ হৈছে। অসম লোকসেৱা আয়োগে ৭৮টা পদৰ বাবে এই পৰীক্ষা অনুষ্ঠিত কৰিছে। ইয়াৰ ভিতৰত অসামৰিক সেৱাৰ বাবে ৪৫টা, অসম আৰক্ষী সেৱাৰ বাবে ৬টা, জিলা পৰিবহণ বিষয়াৰ বাবে এটা, আৱকাৰী অধীক্ষকৰ বাবে এটা, সমবায় সমিতিসমূহৰ সহকাৰী পঞ্জীয়কৰ বাবে এটা, অসম নগৰীয়া প্ৰশাসনিক সেৱাৰ বাবে এটা, শ্ৰম পৰিদৰ্শকৰ বাবে পাঁচটা, আবকাৰী পৰিদৰ্শকৰ বাবে এটা, সহ...

July 4, 2026 7:15 PM

views 13

কাইলৈ অসম লোকসেৱা আয়োগৰ সংযুক্ত প্রতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা

অসম লোকসেৱা আয়োগৰ সংযুক্ত প্রতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা কাইলৈ অনুষ্ঠিত হ'ব। পৰীক্ষা নিয়াৰিকৈ আৰু শান্তিপূর্ণভাৱে অনুষ্ঠিত কৰাৰ বাবে পৰীক্ষা কেন্দ্ৰ থকা জিলাসমূহত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰা হৈছে। এই নিষেধাজ্ঞা অনুসৰি পৰীক্ষা হ'বলগীয়া কেন্দ্ৰসমূহৰ ১০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত অনুমতি নোহোৱাকৈ কোনো ব্যক্তিৰ প্ৰৱেশ বা অপ্রয়োজনীয় সমাৱেশ সম্পূৰ্ণ ৰূপে নিষিদ্ধ কৰা হৈছে। কেন্দ্ৰৰ ১০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত কোনো ধৰণৰ বাহন চলাচল বা পার্কিং কৰিব নোৱাৰিব...

July 4, 2026 10:46 AM

views 20

অসম লোকসেৱা আয়োগৰ সংযুক্ত প্রতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষাৰ বাবে কেতবোৰ নিষেধাজ্ঞা জাৰি

অসম লোকসেৱা আয়োগৰ দ্বাৰা পৰিচালিত সংযুক্ত প্রতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা কাইলৈ অনুষ্ঠিত হ'ব। এই উদ্দেশ্যে অন্যান্য জিলাসমূহৰ দৰে যোৰহাট আৰু লখিমপুৰ জিলাতো ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰা হৈছে। এই নিষেধাজ্ঞা অনুসৰি পৰীক্ষা হ'বলগীয়া কেন্দ্ৰসমূহৰ ১০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত কোনো অনুমোদন নথকা ব্যক্তিৰ প্ৰৱেশ বা অপ্রয়োজনীয় সমাৱেশ সম্পূৰ্ণ ৰূপে নিষিদ্ধ কৰা হৈছে। কেন্দ্ৰৰ ১০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত কোনো ধৰণৰ বাহন চলাচল বা পার্কিং কৰিব নোৱাৰিব। পৰীক্ষাৰ ক...

July 3, 2026 8:00 PM

views 16

অহা দেওবাৰে অসম লোকসেৱা আয়োগৰ প্ৰাৰম্ভিক পৰীক্ষা

অহা দেওবাৰে হ'বলগীয়া অসম লোকসেৱা আয়োগৰ প্ৰাৰম্ভিক পৰীক্ষা নিয়াৰিকৈ আৰু শান্তিপূর্ণভাৱে অনুষ্ঠিত কৰাৰ বাবে জিলা প্রশাসনসমূহে ব্যৱস্থা লৈছে। দৰং জিলা দণ্ডাধিশে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ ধাৰাৰ অধীনত জিলাখনত প্রযোজ্য হোৱাকৈ কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। এই অনুসৰি পৰীক্ষা কেন্দ্ৰমসূহৰ ১০০ মিটাৰ ব্যাসার্ধৰ ভিতৰত অকর্তৃত্বশীল লোকৰ প্ৰৱেশ, অপ্রয়োজনীয় সমাগম আদিত বাধা আৰোপ কৰা হৈছে। তদুপৰি পৰীক্ষা কেন্দ্ৰসমূহৰ আশে-পাশে লাউড স্পীকাৰ ব্যৱহাৰ, পৰীক্ষাৰ্থীসকলৰ ম'বাইল ফোন, ডিজিটেল ঘড়ী, কেলকুলেটৰকে ধৰি ...

July 2, 2026 7:08 PM

views 19

৫ জুলাইত হ’বলগীয়া অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে বিভিন্ন জিলা প্ৰশাসনে কাৰ্যকৰী ব্যৱস্থা

অহা ৫ জুলাইত হ’বলগীয়া অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে বিভিন্ন জিলা প্ৰশাসনে কাৰ্যকৰী ব্যৱস্থা লৈছে। কামৰূপ জিলাৰ দণ্ডাধীশ দেৱ কুমাৰ মিশ্ৰ‍ই এই পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা ১৬৩ নম্বৰ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। এই নিষেধাজ্ঞা অনুসৰি ১০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত পৰীক্ষাৰ্থী আৰু পৰীক্ষা পৰিচালনাৰ বাবে অনুমোদিত বিষয়াসকলৰ বাহিৰে আন লোকৰ সমাৱেশ নিষিদ্ধ কৰা হৈছে। কোকৰাঝাৰ জিলাতো অনুৰূপ নিষেধাজ্...

June 8, 2025 7:19 PM

views 61

এ পি এছ চিৰ ২০২৪ বৰ্ষৰ সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষা ৰাজ্যৰ ৩৫খন জিলাৰ ৯০টা কেন্দ্ৰত  সুকলমে সম্পন্ন

অসম লোকসেৱা আয়োগৰ ২০২৪ বৰ্ষৰ সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষা ৰাজ্যৰ ৩৫খন জিলাৰ ৯০টা কেন্দ্ৰত আজি সুকলমে সম্পন্ন হয়। মুঠ ২৮৮টা পদৰ বাবে অনুষ্ঠিত এই পৰীক্ষাত সৰ্বমুঠ ৫৭,২২২ গৰাকী প্ৰাৰ্থীয়ে আবেদন কৰিছিল। ইয়াৰে ৩২,৫০১গৰাকী পুৰুষ, ২৪,৭২১গৰাকী মহিলা আৰু ৪১৩গৰাকী বিশেষভাৱে সক্ষম আবেদনকাৰী আছে। এই পৰীক্ষা অনুষ্ঠিত ১৬টা সেৱাৰ ভিতৰত অসম প্রশাসনিক সেৱাৰ ৪৫টা, অসম আৰক্ষী সেৱাৰ ২০টা, অসম বিত্তীয় সেৱাৰ ৫৩টা আৰু কৰ পৰিদৰ্শকৰ ৫১টা পদ আছে। অহা ছেপ্তেম্বৰ-অক্টোবৰত হ'বলগীয়া মূল পৰীক্ষাৰ প্ৰশ্নকাকতসমূহ অসমীয...

June 21, 2024 1:01 PM

views 80

অসম লোকসেৱা আয়োগৰ ধনৰ বিনিময়ত চাকৰি লোৱাৰ গোচৰত ৪ অভিযুক্তক বিশেষ ন্যায়াধীশৰ আদালতত অভিযোগনামা দাখিল

অসম লোকসেৱা আয়োগৰ ধনৰ বিনিময়ত চাকৰি লোৱাৰ গোচৰত বিশেষ তদন্তকাৰী গোটে কালি চাৰিজন অভিযুক্তৰ বিৰুদ্ধে বিশেষ ন্যায়াধীশৰ আদালতত এখন অভিযোগনামা দাখিল কৰে। তদন্তকাৰী গোটে নিলম্বিত অতিৰিক্ত আৰক্ষী আয়ুক্ত সুকন্যা দাস, কৰ অধীক্ষক ৱাহিদা বেগম, অসম লোকসেৱা আয়োগৰ প্ৰাক্তন প্রধান পৰীক্ষা নিয়ন্ত্রক এ নন্দবাবু সিন্হা আৰু সহকাৰী নিয়োগ বিষয়া ৰাকেশ দাসৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰে।

May 9, 2024 6:42 PM

views 65

অসম লোকসেৱা আয়োগৰ ২০২৩ বৰ্ষৰ সংযুক্ত প্রতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষাৰ ফলাফল ঘোষণা

♦ অসম লোকসেৱা আয়োগে ২০২৩ বৰ্ষৰ সংযুক্ত প্রতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছে। মূল পৰীক্ষাৰ বাবে সৰ্বমুঠ ২,৮৯৮গৰাকী পৰিক্ষাৰ্থীয়ে যোগ্যতা অৰ্জন কৰিছে। ইয়াৰ ভিতৰত ৭১৯গৰাকী মহিলা, ১০৬গৰাকী বিশেষভাৱে সক্ষম আৰু ১০২গৰাকী প্ৰাক্তন সৈনিক পৰিক্ষাৰ্থীও আছে। পোনপ্ৰথমবাৰৰ বাবে পৰীক্ষাটোত মৰাণ, মটকৰ বাবে সংৰক্ষণ কৰা পদৰ বিপৰীতেও প্ৰাৰ্থীয়ে মূল পৰীক্ষাৰ বাবে যোগ্যতা অৰ্জন কৰিছে। উল্লেখযোগ্য যে, ৰাজ্যৰ ৩২খন জিলাৰ ১১৬টা কেন্দ্ৰত সৰ্বমুঠ ২৩৫টা পদৰ বিপৰীতে অনুষ্ঠিত হোৱা এই পৰীক্ষাত ৬৭,২৯১গৰাকী...