September 22, 2025 11:42 AM September 22, 2025 11:42 AM
21
অসম লোকসেৱা আয়োগৰ প্ৰাৰম্ভিক পৰীক্ষাৰ প্ৰশ্নকাকত অসমীয়াতো প্ৰস্তুত কৰাৰ সিদ্ধান্ত গ্ৰহণ অসম মন্ত্রীসভাৰ
অসম লোকসেৱা আয়োগৰ প্ৰাৰম্ভিক পৰীক্ষাৰ প্ৰশ্নকাকত এতিয়াৰ পৰা অসমীয়াতো প্ৰস্তুত কৰাৰ বাবে অসম মন্ত্রীসভাই সিদ্ধান্ত গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কালি লোকসেৱা ভৱনত অনুষ্ঠিত অসম মন্ত্ৰীসভাৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। মন্ত্রীসভাই দুর্গা পূজা উপলক্ষে অসম চাহ নিগমৰ অধীনৰ চাহ বাগিছাৰ শ্ৰমিকসকলক ২০ শতাংশ বোনাচ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । তদুপৰি অসম মন্ত্রীসভাই ২৬০ কোটি টকাৰ ব্যয়ৰে সোণাপুৰত দশম অসম আৰক্ষী বেটেলিয়ন স্থাপনত অনুমোদন জনাইছে। গুৱাহাটীত নিৰ্মাণ হৈ থ...