December 14, 2025 7:35 PM

views 18

নলবাৰী জিলাত ১৭৬ গৰাকী শিক্ষকক জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্রী জয়ন্ত মল্ল বৰুৱাৰ নিযুক্তি পত্ৰ প্ৰদান

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্রী জয়ন্ত মল্ল বৰুৱাই আজি নলবাৰী জিলাত মাধ্যমিক শিক্ষা পৰিষদৰ অধীনৰ ১৭৬ গৰাকী শিক্ষকক নিযুক্তি পত্ৰ প্ৰদান কৰে। নলবাৰী জিলা পুথিভঁড়াল প্রেক্ষাগৃহত এই উপলক্ষে আয়োজিত অনুষ্ঠানতে ৮০ গৰাকী শিক্ষাৰ্থীৰ মাজত ড° বাণীকান্ত কাকতি মেধা বঁটা বিতৰণ কৰা হয়। অনুষ্ঠানত ভাষণ দি মন্ত্ৰীগৰাকীয়ে শিক্ষকসকলক বিদ্যালয়ৰ স্বাৰ্থত কাম কৰি যাবলৈ আহ্বান জনায়। চৰকাৰী শিক্ষা ব্যৱস্থাৰ প্রচলিত ধাৰণাক মষিমূৰ কৰি পৰিৱৰ্তন সাধনৰ বাবে শিক্ষকসকল আগবাঢ়ি অহাৰ হকে মন্ত্ৰীগৰাকীয়ে মত পোষণ কৰে। শ্রীমল্ল ...

December 2, 2025 8:05 PM

views 17

অসম আৰক্ষী আৰু গৃহ বিভাগৰ ৫,৮১৮ গৰাকী নৱ-নিৰ্বাচিত প্ৰাৰ্থীক কাইলৈ নিযুক্তি-পত্ৰ

অসম আৰক্ষী আৰু গৃহ বিভাগৰ মুঠ ৫ হাজাৰ ৮১৮ গৰাকী নৱ-নিৰ্বাচিত প্ৰাৰ্থীক কাইলৈ নিযুক্তি-পত্ৰ প্ৰদান কৰা হ'ব। সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্ৰকল্পত কাইলৈ দিনৰ ১১ বজাত আয়োজিত এটা অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নিযুক্তি-পত্ৰসমূহ প্ৰদান কৰিব। ইয়াৰ ভিতৰত অসম আৰক্ষীৰ উপ-পৰিদৰ্শক আৰু সমপৰ্যায়ৰ পদত ১৫৬ গৰাকী, কনিষ্টবল আৰু সমপৰ্যায়ৰ পদত ৫ হাজাৰ ৪১০ গৰাকী প্ৰাৰ্থীৰ লগতে ২৫২ গৰাকী চতুৰ্থ বৰ্গৰ পদৰ প্ৰাৰ্থী আছে। নিৰ্বাচিত প্ৰাৰ্থীসকলৰ ৫ হাজাৰ ১০গৰাকীয়ে অসম আৰক্ষী, ৪১১ গৰাকীয়ে অস...

June 19, 2025 3:46 PM

views 25

অসম চৰকাৰৰ স্বচ্ছ আৰু মেধা ভিত্তিক নিযুক্তি প্ৰক্ৰিয়াৰ অংশ হিচাপে ভিন্ন বিভাগত ৪৮১ গৰাকী ব্যক্তিক নিযুক্তি পত্ৰ প্ৰদান

অসম চৰকাৰৰ স্বচ্ছ আৰু মেধা ভিত্তিক নিযুক্তি প্ৰক্ৰিয়াৰ অংশ হিচাপে আজি কেইবাটাও বিভাগত ৪৮১ গৰাকী ব্যক্তিক নিযুক্তি পত্ৰ প্ৰদান কৰা হয়। পশুপালন আৰু পশু চিকিৎসা বিভাগত ৪৪৩ গৰাকী পশু চিকিৎসা ক্ষেত্র সহায়ক, পর্যটন বিভাগত ১২ গৰাকী পৰ্যটন উন্নয়ন বিষয়া আৰু শিক্ষা বিভাগত ২৩ গৰাকী জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ প্ৰবক্তা তথা ৩ গৰাকী ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ সহকাৰী সঞ্চালকক নিযুক্তি পত্ৰ প্ৰদান কৰা হয়। এই উপলক্ষে আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ আন্তর্জাতিক প্ৰেক্ষাগৃহত আয়োজিত ...