May 14, 2025 9:03 PM

views 23

আপোন ঘৰ আঁচনিখনৰ সময়সীমা অহা বছৰৰ মাৰ্চলৈকে সম্প্ৰসাৰণৰ সিদ্ধান্ত

ৰাজ্য চৰকাৰে চৰকাৰী কৰ্মচাৰীসকলৰ সপোনৰ ঘৰ নিৰ্মাণৰ সপোন বাস্তৱায়িত কৰাৰ উদ্দেশ্যে ৰূপায়ণ কৰা আপোন ঘৰ আঁচনিখনৰ সময়সীমা অহা বছৰৰ মাৰ্চলৈকে সম্প্ৰসাৰণ কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে আঁচনিখনৰ অধীনত নতুনকৈ ৩ হাজাৰ ৬০০তকৈ অধিক হিতাধিকাৰীক সুবিধা প্ৰদানৰ লক্ষ্য স্থিৰ কৰা হৈছে। এই আঁচনিখনৰ পৰা এতিয়ালৈকে ৪৩ হাজাৰ চৰকাৰী কৰ্মচাৰী লাভান্বিত হৈছে আৰু ৬২৪ কোটি টকাৰ ৰাজসাহায্য মুকলি কৰা হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জা...