December 16, 2025 1:26 PM

views 11

ডিব্ৰুগড়ত APDCLৰ বিষয়া, পৌৰনিগমৰ পাৰিষদ, পৌৰ সখী আৰু APDCL পঞ্জীয়নকৃত ভেণ্ডৰসকলৰে প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনি সন্দৰ্ভত পৰ্যালোচনা সভা

ডিব্ৰুগড় পৌৰ নিগমৰ প্ৰেক্ষাগৃহত কালি APDCL ৰ বিষয়া, পৌৰনিগমৰ পাৰিষদ, পৌৰ সখী আৰু APDCL পঞ্জীয়নকৃত ভেণ্ডৰসকলৰ সৈতে প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনি সন্দৰ্ভত এখন পৰ্যালোচনা আৰু সজাগতা সভা অনুষ্ঠিত হয়। পৌৰ নিগমৰ অন্তৰ্গত অঞ্চলসমূহৰ বাসিন্দাসকলক এই আঁচনিৰ দ্বাৰা উপকৃত কৰাৰ বাবে সভাত আলোচনা কৰা হয়। এই সভাত মেয়ৰ ডাঃ সৈকত পাত্র, উপ-মেয়ৰ উজ্জ্বল ফুকন আৰু কাৰ্যবাহী বিষয়া প্রয়াসী গৌতমৰ লগতে APDCLৰ বিষয়ববীয়াসকল উপস্থিত থাকে।