March 17, 2025 12:04 PM March 17, 2025 12:04 PM

views 4

২০২৬-২৭ বৰ্ষৰ ভিতৰত ৭৫০ মেগাৱাট সৌৰশক্তি উৎপাদনৰ লক্ষ্য এপিডিচিএলৰ

অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে (এপিডিচিএল) ২০২৬-২৭ বৰ্ষৰ ভিতৰত ৭৫০ মেগাৱাট সৌৰশক্তি উৎপাদন কৰাৰ লক্ষ্য স্থিৰ কৰিছে। এছিয়ান ডেভেলপমেণ্ট বেংকে এই সৌৰশক্তি উৎপাদন প্ৰকল্পৰ দ্বাৰা ৰাজ্যখনৰ নৱীকৰণযোগ্য শক্তি সামর্থ বৃদ্ধিৰ বাবে বিত্তৰ যোগান ধৰিব। এপিডিচিলে অসম বিদ্যুৎ নিয়ামক আয়োগৰ ৰাজ্যিক উপদেষ্টা সমিতিক এই বিষয়ে অৱগত কৰিছে। সংস্থাটোৱে সমিতিখনক অৱগত কৰা অনুসৰি ক'ল ইণ্ডিয়া লিমিটেডৰ ২০১৭ চনৰ শক্তি নীতিৰ অধীনত এপিডিচিলে ৫০০ মেগাৱাট শক্তি উৎপাদনৰ বাবে কয়লা সৰবৰাহৰ ক্ষেত্ৰত প্ৰতিশ্ৰুতিও লাভ কৰিছে...