April 1, 2025 11:10 AM

views 12

আজিৰেপৰা ঘৰুৱা বিদ্যুৎ গ্রাহকৰ বিদ্যুৎ মাচুল প্রতি ইউনিটত ২৫ প‍ইচাৰ পৰা ১ টকালৈ হ্ৰাস

■ ৰাজ্যত আজিৰেপৰা ঘৰুৱা বিদ্যুৎ গ্রাহকৰ বাবে বিদ্যুৎ মাচুল প্রতি ইউনিটত ২৫ প‍ইচাৰ পৰা এটকালৈকে হ্ৰাস কৰা হ'ব। সাধাৰণ গ্ৰাহকৰ উপৰি উদ্যোগ, কাৰখানা, কৃষি ইত্যাদি বাণিজ্যিক সংযোগ থাকা গ্ৰাহকসকলৰ ক্ষেত্ৰত প্ৰতি ইউনিটত ২৫ পইচাকৈ মাচুল হ্ৰাস পাব। অৱশ্যে গ্ৰাহকসকলে মে' মাহৰ মাচুলতহে ইয়াৰ প্ৰতিফলন দেখা পাব। অসম বিদ্যুৎ বিতৰণ কোম্পানী লিমিটেড এ পি ডি চি এলে আজিৰেপৰা তিনি তৰপীয়া নিৰিখত বিদ্যুৎ মাচুল সংগ্ৰহ কৰিব। এই অনুসৰি দিনৰ সময়, সন্ধ্যা আৰু নিশা এই তিনিটা ভাগত পৃথক পৃথককৈ বিদ্যুৎ মাচুল সংগ্ৰহ কৰা হ'...

September 23, 2024 11:58 AM

views 26

প্রধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনিৰ অধীনত অসমত এ পি ডি চি এলৰ ২ লাখৰো অধিক আবেদন লাভ

প্রধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনিৰ অধীনত অসমত এ পি ডি চি এলে দুই লাখৰো অধিক আবেদন লাভ কৰিছে। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে যথেষ্ট ৰাজসাহায্য আগবঢ়োৱাৰ বাবে সৌৰশক্তি আহৰণ কৰাটো অধিক সুলভ হৈ পৰাৰ বাবে বিপুল সঁহাৰি পোৱা গৈছে। এ পি ডি চি এলৰ সূত্ৰই প্ৰকাশ কৰা মতে চাদৰ ওপৰত সৌৰ পেলেন স্থাপনৰ প্ৰতি গ্রহকৰ আগ্ৰহ যথেষ্ট বৃদ্ধি পোৱা দেখা গৈছে। উল্লেখযোগ্য যে, প্রধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনিৰ অধীনত এক কিলোৱাট সৌৰশক্তি পেনেল স্থাপনৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৩০ হাজাৰ টকা আৰু ৰাজ্য চৰকাৰে ১৫ হাজাৰ টকা ৰাজ সাহায্য দিয়াৰ...